Thursday 2 July 2015

(১৫)-"হজৰত মহম্মদ(দঃ)ৰ পূর্ণাঙ্গ জীৱনধাৰাৰ চমু লেখ”


(১৫)-"হজৰত মহম্মদ(দঃ)ৰ পূর্ণাঙ্গ জীৱনধাৰাৰ চমু লেখ”

(১৪)সংখ্যাটো চাই ল'ব পাৰে-http://sgis-misc.blogspot.in/2015/06/14.html
By:- sogoodislam@gmail.com-sgis-03.07.2015

00000000000000000000000000000000000


-------- উক্ত ঘটনাৰ ফল স্বৰূপে ৰুমী সম্রাটসকলৰ নেতৃত্বত খ্রীষ্টানসকলে বাৰে বাৰে আৰব উপদ্বীপৰ চহৰ আৰু গাওঁ সমূহ আক্রমন কৰি বিজয়ীহৈ থাকে। ইয়াতে উৎসাহিতহৈ তেওঁলোকে ইহুদীবোৰৰ ওপৰত প্রতিশোধ লোৱাৰ বাবে “হাবছী” গোত্রক উৎসাহিত কৰে। ৰুমীসকলৰ সহযোগ পাই হাবছীসকল বেশ শক্তিশালীহৈ উঠে আৰু ৫২৫ খ্রীষ্টাব্দত “আৰয়াত”ৰ নেতৃত্বত ৭০ হাজাৰ সৈন্যৰ এক বিশাল হস্তী বাহিনীনি ইয়েমেনৰ ওপৰত ৰাজত্ব প্রতিষ্টা কৰে। প্রথম পর্য্যায়ত “আৰয়াত” ইয়েমেনৰ গভর্ণৰহৈ শাসন কার্য পৰিচালনা কৰি থাকে। কিন্তু তেওঁৰেই অধিনস্থ “আবৰাহা” নামৰ সৈনিকজনে তেওঁক হত্যা কৰি নিজ কর্তৃত্ব প্রতিষ্টা কৰে। এওঁৱেই সেই “আবৰাহা” যি কা’বা গৃহ ধবংস কৰাৰ উদ্দেশ্যে বিশাল হস্তী বাহিনী সহ কা’বা অভিমুখে অভিযান পৰিচালনা কৰে আৰু শেষ পর্যন্ত আল্লাহ তা’লাৰ পক্ষী বাহিনৰ দ্বাৰা সম্পুর্ণৰূপে ধবংস প্রাপ্ত হয়। পৱিত্র কোৰআন শ্বৰীফত এই ঘটনা “আচহাবে ফীল” নামে প্রসিদ্ধ


———আচহাবে ফীল ঘটনাৰ পিছত হাবছীসকল অত্যন্ত বিপর্যয়ৰ সন্মূখিন হয়। এই সুযোগতে ইয়েমেনসকে পাৰস্যৰাজৰ লগহৈ হাবছীসকলৰ বিৰুদ্ধে বিদ্রোহ ঘোষণা কৰে আৰু ইয়াৰ বাবে ছাইফ বিন-যী-ইয়াযান [Saif bin Zi Yazan was also having recognition of the prophethood of the Messenger of Allah (s.a.w.s.)(570AC-632AD) and he had given the glad tidings of the advent of the Prophet to Abdul Muttalib] হিময়াৰীৰ পুত্র মা’দীকৰিবৰ নেতৃত্বত হাবছীসকলক দেশৰ পৰা বহিষ্কাৰ পাছত মুক্ত স্বাধীন সম্প্রদায় হিচাবে মা’দীকৰিবক সম্রাট মনোনীত কৰে। এয়া আছিল ৫৭৫ খ্রীষ্টাব্দৰ ঘটনা।


——–স্বাধীনতা ও ৰাষ্ট্রীয় ক্ষমতা লাভৰ পিছত মা’দীকৰিবে কিছু সংখ্যক হাবছীক নিজৰ খেদমত আৰু ৰাজদৰৱাৰৰ জাঁক জমক বৃদ্ধিৰ ববে নিয়োজিত কৰে। কিন্তু এই হাবছীসকলেই এদিন মা’দীকৰিবক হত্যা কৰি যী-ইয়াযান পৰিয়ালৰ শাসন ক্ষমতা চিৰ দিনৰ বাবে স্তব্ধ কৰি দিয়ে।


——–এই সুবিধাতে পাৰস্য ৰাজ “কিছৰা” চানআ প্রদেশৰ পাৰস্য বংশোদ্ভূত এজন লোকক গর্ভণৰ পাতি ইয়েমেন প্রদেশক পাৰস্য সাম্রাজ্যৰ অন্তর্ভূক্ত কৰে। এনেদৰে কেবাজনো গর্ভণৰৰৰ পিছত শেষত গর্ভণৰ হয় “বা-যা-ন”। এখেতে ৬২৮ খ্রীষ্টাব্দত ইছলাম ধর্ম গ্রহন কৰি ইয়েমেন প্রদেশক পাৰস্য সাম্রাজ্যৰ পৰা মুক্ত কৰে।
—————————————————————-
About the photo:-Log-On:-




http://sogoodislamsyeds.blogspot.in/2015/07/ref-abraha-al-ashram-in-surah-al-fil.html

--ক্রমশঃ-in sha Allah next week...