Saturday 23 May 2015

(5)-বিশ্ব নবীৰ(দঃ)স-শৰীৰে মে’ৰাজ ভ্রমণ-

(5)-বিশ্ব নবীৰ(দঃ)স-শৰীৰে মে’ৰাজ ভ্রমণ-
-পৰকালৰ চাক্ষুষ ঘটনা-
              “বৈজ্ঞানিকভাৱে প্রমাণিত বিশ্ব নবীৰ(দঃ) স-শৰীৰে মে’ৰাজ ভ্রমণ”
By:- sogoodislamsyeds-(sgis)
+++++++++++++++++++++++
4নং খণ্ডটিঃ- http://sgis-misc.blogspot.in/2015/05/4.html
[[SaJidul IsLam ধন্যবাদ ভাই লগতে এইখিনি অলপ বহলাই কবছোন...
"বাইতুল মোক্কাদ্বিছৰ মছজিদ আল-আকচাত হজৰত মহম্মদে(দঃ) সকলো পয়গম্বৰৰ জামাতত ইমামতি কৰিছিল"]]
++++++++++++++++++++++++++

- বন্ধুৰ অনুৰোধত আমি মে’ৰাজ ভ্রমণ কাহিনীত কিছু পিছুৱাই যাবলগীয়া হ'ল।
-মক্কাৰ মছজিদে হাৰামৰ পৰা জেৰুজালেমৰ বাইতুল মোক্কাদ্বিছলৈকে এই ভ্রমণক ঈছৰা(ISRA) বুলি কোৱা হয় আৰু ভ্রমণ বোৰাকৰ পিঠিত আছিল। ঈছৰাৰ পৰৱর্তী ধাপটোক মে’ৰাজ বুলি কোৱা হয়।  মে’ৰাজত সাতখন আচমান(seven  heavens)পাৰহৈ যোৱা হয়। মন কৰিবলগীয়া কথাটো হ'লযে আমি বাস কৰা ও হাজাৰ হাজাৰ বিশ্বব্রহ্মাণ্ডবোৰ  (thosand of galaxies) প্রথম আচমানৰ তলত আছে। 

                  


-ঈছৰা আৰু মে’ৰাজৰ উদ্দেশ্য হৈছে আল্লাহ তা'লাই তেখেতৰ কুদৰতৰ কিছু নমুনা (sign of miracles) তেওঁৰ ৰছুল হজৰত মহম্মদ(দঃ)ক দেখুওৱা। কুদৰতৰ নমুনা কেৱল মহম্মদ(দঃ)কেই দেখুৱাইছিল । ইয়াত কোনো মানুহ সাক্ষী নাছিল।  Dr.Yasir Qadhiৰ মতে বিশজন চাহাবাৰ(ৰাঃ) Reportত কিছু ক্ষেত্রত অমিল দেখা যায়। উদাহৰণ হিচাবে তেখেতে পয়গম্বৰৰ(আঃচাঃ) জামাতত ইমামতি কৰাৰ আগতে জিব্রাইলে(আঃচাঃ) দুটা পাত্রৰ এটাত গাখীৰ আৰু আনটোত মদদি যিকোনো এটা পান কৰিবলৈ দিছিল। এই বিশুদ্ধ হাদিচটো কোনো কোনোৱে সাত আচমানত  ঘটিছিল বুলি পোৱা যায়। 

--আৰু এটা মন কৰিব লগীয়া  কথা হৈছেযে , আল্লহ তা'লাই তেওঁৰ পৰম বিশ্বাসী উচ্চ প্রসংশিত উপাধি "আব্দুল্লা"ক(দঃ)      তেওঁৰ কুদৰতৰ নমুনা জ্বীন আৰু মানবকযে কেৱল তেওঁৰ এবাদতৰ বাবেই সৃষ্টি কৰিছিল  তাক তেওঁৰ(দঃ) নিজ চকুৰে দেখুৱাটো। সেয়েহে হয়তু এবাদতৰ প্রথমটো ফৰজ চালাহ(নামাজ)ক তেওঁ(দঃ) যিদৰে পঢ়িছিল তেনেকৈ আমাকো পঢ়িবলৈ কৈছে।

--বাইতুল মোক্কাদ্বিছৰ মছজিদ আল-আকচাত হজৰত মহম্মদে(দঃ) বোৰাকক মছজিদৰ বাহিৰত এটা খুটাত বান্ধি থৈ দুই ৰাকাত নামাজ পঢ়াৰ উদ্দেশ্যে আহি দেখিছিল সকলো পয়গম্বৰক(আঃচাঃ)। জিব্রাইলে(আঃচাঃ) হজৰত মহম্মদক(দঃ) ইমামতিৰ বাবে আগ বঢ়াইদি নিজে পয়গম্বৰ(আঃচাঃ)ৰ শাৰীত ঠিয় হৈছিল। হজৰত মহম্মদৰ(দঃ) পিছতেই আছিল হজৰত ইব্রাহীম(আঃ)। তেওঁৰ(আঃ) সোঁফালে আছিল হজৰত ইছমাইল(আঃ) আৰু বাওঁফালে আছিল হজৰত ইছহাক(আঃ)।

--Dr.Yasir Qadhiৰ মতে সকলো এটা শাৰীতেই খাড়া হৈছিল।

-- ক্রমশঃnext on sat.day(30.5.2015--sgis,23.5.2015

Thursday 21 May 2015

(৯)-হজৰত মহম্মদ(দঃ)ৰ পূর্ণাঙ্গ জীৱনধাৰাৰ চমু লেখ”

(৯)-হজৰত মহম্মদ(দঃ)ৰ পূর্ণাঙ্গ জীৱনধাৰাৰ চমু লেখ”


By:- sogoodislam@gmail.com
----------------------------------------------------------
বর্তমানৰ কলা পাথৰ(Black Stone)টো আগৰ অৱস্থাত নাই। ইতিহাসবিদৰ মতে ইয়াক চৰমপন্থী পাষণ্ড কিছুমানে নি ভাঙি পেলাইছিল। ভঙা টুকুৰা বোৰক ৰূপৰ ফ্রেমত বান্ধি বর্তমান অৱস্থাত ৰখা হৈছে।

 [log-on-black stone-http://sgis-misc.blogspot.in/2015/08/blog-post.html ]
মধ্য যুগত ব্রাহৰেঈনৰ(Bahrain) ইছমাইলী গ্রুগৰ চৰমপন্থী কোআৰমেটিনে (Qarmatians) ঘোষণা কৰিলেযে হজ কৰাটো এটা অন্ধবিশ্বাস। গতিকে ইয়াক বন্ধ কৰিবলৈ সিঁহতি হাজীসকলক হত্যা কৰি যমযম্ কোৱাঁত পুতি থবলৈ ধৰিলে। ইয়াতে ক্ষান্ত নাথাকি পাষণ্ডবোৰে কলা-পাথৰটো নি ইৰাকৰ কোফা নগৰি পোৱালেগৈ। পিছত খলিফা আব্বছিদে(ৰাঃ) জোৰকৰি তাক ঘূৰাই আনিলে। যেতিয়া কলা-পাথৰটো ঘূৰাই অনা হয় তেতিয়া ই টুকুৰা-টুকুৰহৈ আছিল। পিছত ইয়াক জোৰা লগাই ৰূপৰ ফ্রেমেৰে বান্ধি পেলোৱা হয়। ইতিহাসবিদৰ মতে এতিয়াও কলা-পাথৰটোৰ বহু টুকুৰা বিভিন্ন ঠাইত সিচঁৰিতহৈ আছে।
[click on url about black stone-http://en.wikipedia.org/wiki/Black_Stone]
++++++++00+++++++

——হজৰত ইব্রাহীম(আঃ) আৰু হজৰত ইছমাইলৰ(আঃ) কা’বা ঘৰ বনোৱা শেষ হোৱাৰ পিছত এদিন অকলে হজৰত ইব্রাহীম(আঃ) বাহিৰত বহি আছিল। সেই সময়ত তেওঁৰ(আঃ) বহুত কথাই মনত পৰিল। মহান আল্লাহ তা’লাৰ প্রতি কৃতজ্ঞতাৰে মন ভৰি পৰিল। একমাত্র ল’ৰা ইছমাইলক(আঃ) কুৰবানীৰ পৰা ৰেহাইদি তেওঁক উৎসর্গ কৰাত আল্লাহ তা’লাৰ প্রেমত দুটুপাল চকুলো বাগৰি আহিল।
——এনে সময়তেই তিনিজন ফিৰিষ্টা ক্রমে হজৰত জিব্রাইল(আঃ),হজৰত ইস্রফীল(আঃ) আৰু হজৰত মিকাইল(আঃ)(Gabriel, Israphael, and Michael)মানুহৰ ৰূপত আহি হজৰত ইব্রাহীম(আঃ)ক চালামদি তেওঁৰ আলহী হ’লহি। অচিনাকি মানুহ তিনিজনক সন্মানেৰে ঘৰৰ ভিতৰলৈনি বহুৱাই তেওঁ(আঃ) শুৱা কোঠালৈ সুমাই গ’ল। সেই সময়ত তেওঁৰ(আঃ) স্ত্রী বিবি “সাৰা” আলৰ বুঢ়ি। সুধিলে কোননো আহিছে। ক’লে তিনিজন অচিনাকি মেহমান আহিছে। খোৱাৰ ব্যৱস্থা ক’ৰা।
-কি খোৱাবা তেওঁলোকক- হজৰত ইব্রাহীমে(আঃ) সুধিলে।
-এটা ছাগলীৰ আধাটুকুৰা-সাৰাই ক’লে।
-তাৰে নহ’ব। এটা তেল থকা দমৰা হালাল কৰিব লাগিব।
–কৈয়েই তেওঁ(আঃ) ওলাই গ’ল। চাকৰ-বাকৰে এটা দমৰা হালাল কৰিলে, ৰান্ধনীয়ে ৰান্ধি-বাঢ়ি উলিয়াই দিলে।
-“আপোনালোক তিনিও আহক আৰু খাবলৈ বহক”। কৈয়েই হজৰত ইব্রাহীমে(আঃ) নিজে খাবলৈ ধৰিলে। খোৱাৰ মাজতে মূৰ দাঙি চালে, আলহীক কিবা লাগিব নেকি বুলি।
“উঁৱা,আপোনালোকে ভাতৰ পাতত হাতেই দিয়া নাই দেখুন।মোৰ শেষেই হ’বৰ হ’ল।
-খাওক খাওক নহলে ভাত ঠাণ্ডাহৈ যাব”। বুলি আকৌ নিজে খোৱাত লাগিল।
হজৰত ইব্রাহীমে(আঃ) আকৌ এবাৰ আলহীলৈ চালে। তেওঁলোকে তেতিয়ালৈকে খোৱা আৰম্ভই কৰা নাই। এইবাৰ হজৰত ইব্রাহীমে(আঃ) ভাবিলে। নিশ্চয় আলিহীয়ে তেওঁক বেয়া মানুহ বুলি ভাবি আহাৰ গ্রহণ কৰা নাই। ভয়ত তেওঁ তেনেই পেপুঁৱা লাগিল।
ফিৰিস্তা তিনিজনে হজৰত ইব্রাহীমৰ(আঃ) মনৰ কথা বুজিব পাৰি হাহিঁমাৰি ক’লে-
-“ভয় নকৰিবা আমি মানুহ নহয়। আমি খোৱা-বোৱা নকৰো। আল্লাহে তোমাৰ ওচৰলৈ আমাক এক শুভ বার্ত জনাবলৈ প্রেৰণ কৰিছে”। কৈয়েই “সাৰা”ৰ ফালে মুখ ঘূৰালে।
-“আমি তোমাৰ গর্ভত ইছাআক আৰু তাৰ পাছত জেকবৰ শুভ বার্তা দিলো(We gave her glad tidings of Isaac, and after him of Jacob)
সাৰাই আচৰিতহৈ ক’লে-“এইটো অসম্ভব। কাৰণ আমি দুয়ো তেনেই বুঢ়া”
ফিৰিস্তাই ক’লে- “মহান আল্লাহ তা’লাই দয়া কৰিলে সকলো সম্ভব”
উক্ত কথাখিনি পৱিত্র কোৰাণ শ্বৰীফত এনে দৰে উল্লেখিত হৈছেঃ-
Almighty Allah revealed: Verily! There came Our Messengers to Abraham with glad tidings. They said: “Salaam (greetings or peace)!” he answered: “Salaam (greetings or peace)!” and he hastened to entertain them with a roasted calf. But, when he saw their hands went not towards it (the meal), he felt some mistrust of them, and conceived a fear of them. They said: “Fear not, we have been sent against the people of Lot.” And his wife was standing there and she laughed (either, because the Messengers did not eat their food or for being glad for the destruction of the people of Lot). But We gave her glad tidings of Isaac, and after him of Jacob.She said (in astonishment): “Woe unto me! Shall I bear a child while I am an old woman, and here is my husband an old man? Verily! This is a strange thing!” They said: “Do you wonder at the Decree of Allah? The Mercy of Allah and His Blessings be on you, O the family (of Abraham). Surely, He (Allah) is All praiseworthy, All-Glorious.” (CH 11:69-73).
(ইয়াতে আঘাট কৰি কোৰআন শ্বৰীফৰ চুৰাঃ আয়াতৰ পৰীক্ষা কৰি ল’বঃ-http://quran.com/11/69-73 )



(Note:-sogoodislam@gmail.com:- আমাৰ উদ্দেশ্য হজৰত মহম্মদ(দঃ)লৈ লেখ(Graph )দাল টানিনিয়া। গতিকে হজৰত ইছমাইলৰ(আঃ) ঠালটো ৰাখি বাকীবোৰ আলোচনা নকৰো।...ক্রমশঃ-)
--ক্রমশঃ-next on Friday-29.05,2015(sgis-22/5/2015)

Monday 18 May 2015

6-চুফিজিমত বাদ্যযন্ত্র বনাম অসমীয়া জিকিৰত টোকাৰী-


[6]“এক বৌদ্ধিক চিন্তা”
-চুফিজিমত বাদ্যযন্ত্র বনাম অসমীয়া জিকিৰত টোকাৰী-
………………………………………………………
“One of intellectual thought” [A colanguage Article]
-USE OF MUSICAL INSTRUMENT IN SUFISM vs TOKARI IN ASSAMESE JIKIR-
by:-sogoodislam@gmail.com
……………………………………………………..

২০১০ আৰু ২০১১ চনৰ দুটা ঐতিসাহিক ঘটনাঃ-
1]News- 20 May 2010 :-Governor of Assam J B Patnaik (left) at the Assam Satra Mahasabha Conference in Barpeta. Breaking a centuries-old barrier, women led by Patnaik entered the Vaishnavite temple at Barpeta for the first time.
ৰাজ্যপাল জানকী বল্লভ পাটনায়কৰ উদ্যোগত আজি বৰপেটা বৈষ্ণব নামঘৰত মহিলাৰ প্ৰৱেশ ঘটিল।

২]NEWS-Guwahati, Nov 18, 2011(PTI)
History was created in Assam today with women offering namaaz for the first time in the historic Azan Peer Sahab Dargah in Sibsagar at the initiative of Governor J B Patnaik and his wife Jayanti Patnaik.

ৰাজ্যপাল জানকী বল্লভ পাটনায়ক আৰু তেওঁৰ পত্নী জয়ন্তী পাটনায়কৰ উদ্যোগত সৰাগুৰি চাপৰিৰ আজান ফকিৰ দৰগাহত থকা মছজিদত প্ৰথমবাৰলৈ প্ৰৱেশ ঘটিল মহিলাৰ। কেৱল প্ৰৱেশ ঘটাই নহয়, মহিলাই মছজিদত প্ৰথমবাৰ শুকুৰবাৰৰ জুম্মা বাবে নামাজ পঢ়ি এক অভিলেখৰ সৃষ্টি কৰে।
……………………………………

-একেজন মানুহেই দুটা বেলেগ বেলেগ সময়ত মহিলাক ধর্ম্ম অনুস্থানত প্রৱেশ কৰোৱাই একে ধৰণৰ ঐতিসাহিক কাহিনী ৰচিছিল। দেখাত এনেলাগে যেন হজৰত আজান ফকিৰে(ৰঃ) মহাপুৰুষ শঙ্কৰদৱক অনুকৰণ কৰিছিল?
মহাপুৰুষ শঙ্কৰদৱৰ অনুকৰণতেই হজৰত আজান ফকিৰ(ৰঃ) চাহাবে মছজিদত মহিলাৰ প্রৱেশ নিষিদ্ধ কৰা নাছিল। মছজিদত মহিলাৰ নিষিদ্ধৰণটো ইছলামৰ এটা গোটৰ হাজাৰ বছৰিয়া পৰমপৰা।
+++++++++++++++++++++
আকৌ দুটা সময়ৰ ঘটনা-১৬৩৫চন আৰু ২০১৪চনঃ-

১৬৩৫চনঃ- মহাপুৰুষ শংকৰদেৱৰ এক শৰণ নাম ধৰ্মৰ একেশ্বৰবাদী ধাৰণাৰ প্ৰতি মুছলমান সকলো আকৃষ্ট হৈছিল। চাঁদ খাঁ নামে এজন মুছলমান লোক প্ৰথম বাৰৰ বাবে শংকৰদেৱৰ শিষ্য হৈছিল। ১৬৩৫ চনত বাগদাদৰ পৰা আজান ফকিৰ(ৰঃ) নামৰ এগৰাকী সন্ত ইছলাম ধৰ্ম প্ৰচাৰৰ অৰ্থে অসমলৈ আহিছিল। কিন্তু অসমৰ সাম্প্ৰদায়িক সমন্বয়ৰ পৰিৱেশত আভিভুত হৈ তেওঁ ইছলাম ধৰ্ম প্ৰচাৰতে ক্ষান্ত নাথাকি সাম্প্ৰদায়িক সমন্বয়ৰ চিহ্ন স্বৰূপ জিকিৰ সমুহ লিখি উলিয়াইছিল। এই জিকিৰ সমুহৰ কিছুমান আছিল হিন্দু ধৰ্মৰ নাম কীৰ্তনৰ সুৰত ৰচিত ধৰ্ম মুলক গীত, যিবোৰে ব্যাপক সমাদৰ লাভ কৰিছিল। আহোম ৰজায়ো আজান ফকিৰৰ সন্মান কৰিছিল।
– আজান ফকিৰে(ৰঃ) শিৱসাগৰৰ ওচৰৰ চূণপোৰা গাৱলৈ অহাৰ আগতে দিল্লীলৈ আহিছিল আৰু তাতে ছুফী সন্ত শ্বে’খ নিজামুদ্দিন আউলিয়াৰ শিষ্য হৈছিল। তাৰ পৰা তেওঁ আহি হাজোৰ গৰুড়াচল পাহাৰৰ ওপৰত থকা পীৰ ঘিয়াছুদ্দিন আউলিয়াৰ দৰগাহৰ ওচৰতে কেইবছৰমান থাকি সম্পর্ণ অসমীয়াহৈ লৈছিল।


২০১৪চনঃ- যোৱা বছৰ ফেব্রুৱাৰী মাহত আন্তঃজাতিক ইছলামিক বক্তা ব্রাদাৰ ইমৰাণ আহিছিল দঃ ভাৰতৰ পৰা তেজপুৰলৈ সাম্প্রতিক সমন্ময়(Brotherhood)ৰ বাবে। তেখেতে অসমলৈ আহি, ইয়াত থাকি অসমীয়াক অধ্যয়ন নকৰাকৈ বক্তব্য ৰাখিছিল।(ইয়াৰ ভি-ডি-অ’ আছে আৰু অনুগ্রহকৰি তলৰ ইংৰাজী কথাখিনি চাই ল’ব।)
-ব্রাদাৰ ইমৰাণ চাহাবে শঙ্কৰ-আজানৰ কথা নাজানে অথবা তেওঁক কোৱাওঁ হোৱা নাই। তিনিজন হিন্দু যুৱকে একেলগে ব্রাদাৰ ইমৰাণক ক্রছ-প্রশ্ন কৰি বিব্রত কৰি দিয়াত তেওঁ পৰিষ্ঠিতি চম্ভালিবলৈ নিজকে হিন্দু বুলি ক’ব লগা হৈছিল। যুৱক তিনিজনে ভাবিছিল, ব্রাদাৰ ইমৰাণে অসমৰ মানুহক ভাগ ভাগ কৰিব বিিচাৰিছে। অসমৰ বতাহ-পানী খাই জন্ম গ্রহন কৰা প্রতেকজন নাগৰিকেই ক’ব নোৱাৰাকৈয় শঙ্কৰ-আজানৰ সমন্ময়(Brotherhood)ৰ দ্বাৰা প্রভাম্বিতহৈ আহিছে।

On 1st February, 2014, Saturday, a lecture of Br. Imran was held in Sonitpur, Assam, India on the topic : SABKA EESHWAR EK – Par Kaun ? Meaning – GOD OF ALL IS ONE – But Who ? After the lecture during the question and answer session about 3 NON MUSLIM FRIENDS tried to create a ‘scene’ BUT by Allah’s Help Alone, Br. Imran for more than 30 minutes answered them very patiently even though it was appearing that the questioners were not really interested to learn but rather wanted to push Br. Imran to speak their words from his mouth.
+ + +
শঙ্কৰদেৱৰ এক শৰণ নাম ধৰ্মত (এক শৰণৰ অৰ্থ হল এক দেউ এক সেউ এক বিনে নাই কেউ ৷ অৰ্থাৎ এক ঈশ্বৰত শৰণ লোৱা )। এক ঈশ্বৰেই পৰম ধৰ্মৰ দৰে মুছলমানৰো পৰম ধৰ্ম হৈছে এক আল্লাহ। সেয়েহ আজান ফকিৰে(ৰঃ) জিকিৰত কৈছেঃ-

--মুমিনহে দোশ্তি ৰাখা
আল্লাহে পৰম ধৰ্ম
নামহে পৰম ধৰ্ম।--
(ভি ডি অ’ত আছে।)

………………………………………
to be contd. on next sunday-in sha Allah-sgi(s)

[১]-চুফিজিমত বাদ্যযন্ত্র বনাম অসমীয়া জিকিৰত টোকাৰী

[1]-“এক বৌদ্ধিক চিন্তা”


চুফিজিমত বাদ্যযন্ত্র বনাম অসমীয়া জিকিৰত টোকাৰী
-চৈয়দ জিয়াউল হুছেইন।
………………………………………………………
“One of intellectual thought” [A colanguage Article]
USE OF MUSICAL INSTRUMENT IN SUFISM vs TOKARI IN JIKIR
written by:-S.J.Hussain

………………………………………………………

WHAT IS SUFISM?:-
The spirit of Sufism exists in all religions and is that sense Sufis are found wherever God is revered,worshipped and loved.Historically,Sufism is an offshoot of Islam mysticism which is called Tasawuf.Sufism is a complex ideology and no date of origin can be ascribed to it.Nevertheless,at present there is a great ideal of interest in Sufism,and Rumi is one of the most widely read authors and his original work has been translated into many languages.
The Sufi movement can be divided roughly into two periods:-
(A)The early ascetic period and
(B) the later doctrinal period.
The early ascetic period can be traced to the Prophet Mohammad and the four Caliphas,particularly Hazrat Abu Bakar and Hazrat Ali.The Sufis developed their mystical knowledge purely on the basis of Quran and Hadith.–

চুফিজিমক এটা শব্দত প্রকাশ কৰিব নোৱাৰি। ইয়াৰ পৰিসৰ অতি বৃহৎ। কাৰণ সকলো চুফিসাধক মুছলমান নহয়। ইছলামৰ আগতেই চুফিজিমৰ প্রকাশ ঘটিছিল। চুফিজিম হৈছে এক মাইস্তিজিম যাক কোৱা হয় তাচাউফ। চুফিসাধক সকলে কয়যে আল্লহ তা’লাক পাবলৈ বহু সাধনা কৰিব লাগিব, সাধাৰণ জীৱন যাপন, অনবৰত জিকিৰ, নামাজ, উপবাস আদি কৰিব লাগিব। কিতাপ-পত্র পঢ়ি জ্ঞান আর্জন কৰি আল্লহ তা’লাক পাব নোৱাৰি। ……

উল্লেখিত প্রথম ভাগত হজৰত মহম্মদ(দঃ) আৰু তেওঁৰ চাৰি খলিফাৰ মাজত আছিল। তেওঁলোকৰ জ্ঞান আছিল সম্পূর্ণ কোৰআন আৰু হদীচ ভিত্তিত।
They did not distinguish between the Sharia (the religious law) and the Tariqa (the Sufi-path )। There re numerous Sufis in this category but a well known example is Rabia-al-Adawiyya of Basra (717-801).She did not marry and lived a life of self denial and charity.To her,love of God was supreme

দ্বিতীয় ভাগ অর্থাৎ The later doctrinal Sufism started from the second half of the ninth century.During this period,Sufis came in contact with the mystics of Christianity,Hinduism and Buddhism.It is the generally believed that this contact resulted in a slightly different approach than the previous one.For example,Maraf-al-Karkhi (AD 815) states,”Lovee is not to be learned from men,it is one of God’s gifts and comes as a grace.”This is also the Christian concept.

উনৈশ শতিকাৰ শেষ আৰু বিশং শতিকাৰ প্রথমাদ্ধত চুফিজিমে ইছলামক গতিশীল(modern dynamic islam) কৰি তুলে। কিন্তু ই দ্বিতীয় ভাগৰ এক ৰূপান্তৰ মাত্র। য’ত র্চিক আৰু বেদাতেৰে ভৰি পৰিল। 




    +++    
         
         
চুফিজিম মানে ইছলাম নহয়।
   চুফিজিম নিজেই এটা ধর্ম।
চুফিজিমক ইছলামৰ সাজ পিন্ধাই চুফিজিম কৰা হৈছে। Greek, Vedantic, Jewish ৰ মাইস্তিজিমতহে চুফিজিম বেছি বিখ্যাত। ইছলামৰ চুফিজিমও সেই একেজোপা গছৰ ঠাল ঠেঙুলি। হিন্দুইজিমে কয় চুফিজিম তেওঁলোকৰ পৰা অনা হৈছে। বুদ্ধসকলে কয় চুফিজিম বুদ্ধইজিমৰ পৰা ফলেৰে তৈয়াৰি। মুছলমানে মছজিদ-মাদ্রাছাত চুফিজিম ইছলামৰ এটা অঙ্গ বুলি চুফিজিমৰ শিক্ষা দিয়া হয়; কিন্তু তেওঁলোকে নেজানেযে তেওঁলোকে যি চুফিজিমৰ ফল খাবলৈ পাইছে সেই ফলৰ সঁচ উল্লেখিত গছৰ পৰাই আহিছে।
The peace that islam aims at is quite different from the harmony which is Sufi claims to achieve with the Absolute Reality. William James, the author of “The varieties of religious experience”, has described religion as: “The feelings, acts and experiences of individual men in their solitude, so far as they apprehend themselves to stand in relation to whatever they may consider the divine.”This definition aptly defines ‘sufism’. Indeed SUFISM IS A RELIGION IN ITSELF. Right from initiation ceremony to the ultimate goal of experiencing unity with God, a SUFI FOLLOWS A PATH THAT IS DIFFERENT FROM ISLAM. Though the terminology has been borrowed from Islam. Sufism has more in common with Greek, Vedantic and Jewish mysticism. In fact, the concept of mystism throughout the ages has essentially been the same despite a surface difference of terminology.
Hazrat Inayat Khan in his book ‘Spiritual Liberty’ , writes:-“Some people who see Sufism taught by a muslim, preaching in the mosque, natuarally call it a branch of islam; but they donot know that the seed which is found in the fruit was in its origin root of that same plant. Those who see it in the garb of Hinduism, say it is derived from Hindusm. Those who see its resemblance to Buddhism, say that its origin is Buddhism……..
From the book of:-
‘Sufism is not Islam’
A comparative study
By-Shahid A.Chaudhary-1998

...to be contd.
.

Saturday 9 May 2015

(3)-বিশ্ব নবীৰ(দঃ)স-শৰীৰে মে’ৰাজ ভ্রমণ-

(3)-বিশ্ব নবীৰ(দঃ)স-শৰীৰে মে’ৰাজ ভ্রমণ-
-পৰকালৰ চাক্ষুষ ঘটনা-
              “বৈজ্ঞানিকভাৱে প্রমাণিত বিশ্ব নবীৰ(দঃ) স-শৰীৰে মে’ৰাজ ভ্রমণ”
By:- sogoodislamsyeds-(sgis)
+++++++++++++++++++++++

- যাত্রাৰ বাবে অলপ সময়ৰ পাছত গাধতকৈ অলপ ডাঙৰ ঘোঁৰাৰ দৰে অত্যন্ত  বেগী “বোৰাক” নামৰ এটা জন্তু অনা হ’ল।[[“বোৰাক”ৰ বর্ণনাৰ বাবে লগ-অন কৰকঃ-http://sgi-misc.blogspot.in/2015/05/description-of-buraq.html]] হজৰত মহম্মদ(দঃ)ক দেখিয়েই বোৰাকে জপিয়াবলৈ ধৰিলে। জিবৰাইলে(আঃ)মহম্মদ(দঃ)যে আল্লাহ খুব প্রিয় বুলি কোৱাতহে  বোৰাকে তাৰ পিঠিত হজৰত মহম্মদ(দঃ)ক উঠিবলৈ দিলে। 
          যাত্রা আৰম্ভ হ’ল। সোঁৱে-বাওঁএ জিবৰাইল(আঃ) আৰু মাকাইল(আঃ) উঠি ললে। হজৰত মহম্মদে(দঃ) কোৱা মতে বোৰাকৰ প্রতিটো খোজ চকুৱে মনিব নোৱাৰা প্রর্য্যন্ত বহল আছিল(The animal’s step (was so wide that it) reached the furthest point within the reach of the animal’s sight)। 

জেৰুজালেমৰ বাইট-উল-মুক্কাদ্দাচ  পোৱাৰ আগতে জিবৰাইলে(আঃ)এখন সেউজিয়া উপত্যকাৰ উপৰেৰে গৈ থাকোতে তাতে বোৰাকক নমাইআনি নামাজ পঢ়িলবলৈ ক’লে। নামাজ আদায়ৰ পাছত  জিবৰাইলে(আঃ) সুধিলেঃ-
“আপুনি(দঃ) ক’ত নামাজ পঢ়িলে গম পাইছেনে?” 
“নাই পোৱা”-হজৰত মহম্মদে(দঃ) ক’লে।
“এইয়াই সেই আপোনাৰ প্রিয় ঠাই যলৈ আপোনি হিজৰত কৰিছল”। -জিবৰাইলে(আঃ) ক’লে।------contd.
++++++++++++++++++++++++++++++++++++++
{ৰজব মাহ সম্পৰ্কে সতৰ্কবাণী- :: -ৰজব মাহ সম্পৰ্কে জ্ঞাতব্যঃ পৱিত্ৰ মাহ সমূহৰ বৰ গুৰুত্ব আহিছে। সেই পৱিত্ৰ মাহ সমূহৰ মাজতে এটা হৈছে ৰজব মাহ। গতিকে পাপ কৰ্ম আৰু প্ৰচলিত বিদআত বৰ্জন কৰি এই মাহৰ পৱিত্ৰতা ৰক্ষা কৰা প্ৰত্যেকৰে দায়িত্ব। এই প্ৰৱন্ধত সেই বিষয়টোকে উল্লেখ কৰা হৈছে-লগ-অন কৰকঃ-http://sgi-bidahshirk.blogspot.in/2015/05/blog-post_9.html 
++++++++++++++++++++++++++++++++++++++



-ক্রমশঃ-Next Satuarday(16.5.2015)-sgis

Friday 8 May 2015

(৭)-হজৰত মহম্মদ(দঃ)ৰ পূর্ণাঙ্গ জীৱনধাৰাৰ চমু লেখ”

(৭)-হজৰত মহম্মদ(দঃ)ৰ পূর্ণাঙ্গ জীৱনধাৰাৰ চমু লেখ”
আগৰ খণ্ডটো চাই লওঁক:-http://sogoodislamassamese.blogspot.in/…/…/blog-post_30.html
++++++++++++++++++++++++++++++++++++
খণ্ড-৫
“হজৰত মহম্মদ(দঃ)ৰ পূর্ণাঙ্গ জীৱনধাৰাৰ চমু লেখ”
By:- sogoodislam@gmail.com
---------------------------------------------------------------------------------------
—–৪) হজৰত ইব্রাহীমে(আঃ) লগত স্ত্রী ‘সৰা’কলৈ শেষৰ বাৰ যেতিয়া মক্কালৈ আহে তেতিয়া হজৰত ইছমাইলে(আঃ) যমযম কুঁৱাৰ পাৰৰ এজোপা ডাঙৰ বৃক্ষৰ তলত ধনুৰ কাঁড় বনাই আছিল।

এনে সময়তেই পুত্রই পিতাক লগ পাই আনন্দৰ আবেগত কিছু সময় আলিঙ্গিত অৱস্থাত অতিবাহিত কৰিলে। তাৰ পাছত অহাৰ উদ্দেশ্য ব্যাখ্যা কৰি ক’লে যে আল্লহ তা’লাই তোমাৰ সহযোগত আমাক কা’বা-শ্বৰিফ বনাবলৈ হুকুম কৰিছে, কোৰান-শ্বৰিফত ইয়াৰ বিষয়ে এনেদৰে উল্লেখিত হৈছে [Ibraham(a.s) said: ‘O Ishmael, your Lord has ordered me to build a house for Him.’ Ishmael said: ‘Obey the order of your Lord.’ Abraham said: ‘Allah has also ordered me that you should help me therein.’ Ishmael said: ‘Then I will do so.’ So both of them were saying: “O our Lord! Accept this service of us, verily, You are the All Hearer, the All Knower.”(Ch 2:127)]
Sogood Islam Syeds's photo.
পিতা-পুত্রই(আঃ) মিলি কা’বা শ্বৰিফ তৈয়াৰ কৰাত লাগি গ’ল। কাম আগবঢ়াৰ লগে লগে কা’বা ঘৰ ওখহৈ যাবলৈ ধৰিলে। (এই সময়ত হজৰত ইব্রাহীম(আঃ) এজন বুঢ়া মানুহ)। গতিকে ওখ বেৰ গাঁঠিবলৈ এটা শিলৰ ওপৰত উঠিলে আৰু হজৰত ইছমাইলে(আঃ) শিলটো ধৰি থাকিল। উদ্দেশ্য, ওখ বেৰবোৰ যাতে গাঁঠিবলৈ সহজ হয়(এই শিলটোৰ নামেই “আল-মাক্কাম”অর্থাৎমাক্কামে-ইব্রাহিম)। তেওঁলোক দুয়োজনে(আঃ) একেলগে এনেদৰে দোৱা কৰিলে-“O our Lord! Accept this service of us, verily You are the All Hearer, the All Knower.”(Ch 2:127)। পিতা-পুত্রৰ মৰম-চেনেহৰ কোৰআন শ্বৰিফৰ(Ch 37:99-111 Quran)ত উল্লেখিত হৈছে।(লগ-অন কৰক http://sgi-misc.blogspot.in/…/history-and-importance-of-maq…)
———– “মাক্কামে-ইব্রাহিম(Maqam-e-Ibrahim)” শিলটোৰ লগতে আৰু দুটা শিল বেহস্তৰ পৰা হজৰত ইব্রাহীম(আঃ)ৰ কাৰণে পথাই দিয়া হৈছিল। তাৰে এটা হৈছে ক’লা পাথৰ যাক কোৱা হয়-“হিজৰ-ই-আছৱাদ( Hijr-e-Aswad.”) দ্বিতীয়টো হৈছে-“ইছৰাইল(children of Israe)
Sogood Islam Syeds's photo.
——— কা’বাৰ চাৰিও ফালৰ গাঁঠনি শেষ হোৱাৰ পিছত “হিজৰ-ই-আছৱাদ( Hijr-e-Aswad.”) পাথৰটো পৱিত্র কা’বাৰ পূব দিশত ৰাখি দিয়া হ’ল।
——– হাজীসকলে হজৰ সময়ত নিশ্চয় আছৱাদ পাথৰৰ ওপৰত হজৰত ইব্রাহীম(আঃ)ৰ ভৰি সাঁচ( impression) প্র্রত্যক্ষ কৰিছ। ইয়াক কোনোৱে সন্দেহৰ চকুৰে চাব পাৰে। কাৰণ ইমান টান এটা পাথৰৰ ওপৰত কেনেকৈ ভৰিৰ সাঁচ( impression) থাকিব পাৰে। এই সংক্রান্তত এই হদিচটোৱেই সকলো সন্দেহ আঁতৰ কৰিব।
Sa’eed bin Jubair (RA) reported that the Prophet (PBUH) said: “The stone is the station of Ibrahim. Allah made it soft and made it a mercy. Ibrahim would stand on it and Ismail would hand the stones up to him.”
আছৱাদ পাথৰৰৰ বিষয়ে জানিবলৈ ইয়াতে লগ-অন কৰক(http://sgi-misc.blogspot.in/…/05/hijr-e-aswad-black-stone.h…)

-ক্রমশঃ-next week on 15.5.2015-in sha Allah.

Thursday 7 May 2015

[3]-Title- হঃঈছা(আঃ)ৰ জন্মতত্ত্ব

[3]-Title- হঃঈছা(আঃ)ৰ জন্মতত্ত্ব

-হঃ ঈছা(আঃ)ৰ জন্মতত্ত্ব আৰু জৈৱ-বিজ্ঞানৰ আৱিষ্কাৰ “পার্থেনোজিনিচিচ্"-
By-sgis-07.05.2015
------------------------------------------------------

আইনষ্টাইনে কৈছিলঃ-According to the famous physicist and Nobel Prize winner, Albert Einstein, "Science without religion is lame. Religion without science is blind."
আমি কোৰআন মজিদৰ কোনো কথা বৈজ্ঞানিক বিশ্লেষণলৈ যোৱাৰ আগতে এটা কথা স্পষ্ট কৰি দিব বিছাৰিছোযে, এই সংক্রান্তত ইছলামিক গবেষকসকলে কয়। ইয়াত আমি ডাঃ জাকিৰ নায়কৰ কথা উল্লেষ কৰিবলৈ আমি বেছি ভাল পামঃ-

Muslims believe, that the Qur’aan is the last and final revelation of God, the miracle of miracles revealed as a mercy to mankind. Let us therefore investigate the veracity of this belief.
( Dr. Zakir Naik-IRF)
The Qur’aan is not a book of science but a book of ‘signs’, i.e. ayats. There are more than six thousand ‘signs’ in the Qur’aan of which more than a thousand deal with science. We all know that many a times Science takes a ‘U-turn’. In this book I have considered only established scientific facts and not mere hypotheses and theories that are based on assumptions and are not backed by proof.
[ Dr. Zakir Naik-IRF]




জৈৱ-প্রযুক্তি বিজ্ঞানৰ গৱেষণাৰ ফলঃ- আজিৰ জৈৱ বিজ্ঞানীৰ মত হৈছে যে,যৌন মিলন নোহোৱাকৈ কোনো নাৰী মাতৃ হ’ব পাৰে।এয়া এক প্রাকৃতিক ঘটনা।অৱশ্যে এনে ঘটনা অতি বিৰল । জীৱ  বিজ্ঞান  শাস্ত্রত  ইয়াক “পার্থেনোজিনিচিচ্-PARTHENOGENESIS” নামেৰে জনা যায়।কিছুমান উদ্ভিদ,

কীট-পতঙ্গ আৰু তলখাপৰ সৰিস্বৃপ প্রাণীৰ ক্ষেত্রত ই এক স্বাভাৱিক জীৱন প্রণালী।কেইবছৰ মান আগতে প্রকাশ পোৱা NATURAL  GENETICS নামৰ

বিজ্ঞান আলোচনী খনত বিজ্ঞানী ডেভিদ বনথ্রনে “পার্থেনোজিনিচিচ্”ৰ এটা শিশুৰ বিৱৰণ দাঙি ধৰি তাক FD নাম দিছে। তেওঁ এটা FD ল’ৰা শিশুৰ

শ্বেত ৰক্ত কণিকা বিশ্লেষণ কৰিলে।যিহেতু ল’ৰা হ’লে শিশুটিৰ ৰক্ত কোষত Yক্রমোজোম থাকিব লাগে,কিয়নো Yক্রমোজোমত পুংলিংগ বাহক জিন্ থাকে।কিন্তূ আচৰিত কথা এই FD ল’ৰা শিশুৰ ৰক্ত কোষত দুবিধ X ক্রমোজোমহে পোৱা গ’ল । যিয়ে নেকি স্ত্রী লিংগ বাহক জিনৰহে স্বাক্ষৰ বহন কৰে।আচৰিত হৈ বিজ্ঞানী ডেভিদ বনথ্রনে Yক্রমোজোম পাবলৈ অতি নগন্য(minute)স্পর্শকাতৰ DNA প্রযুক্তি ব্যৱহাৰ কৰিলে।তেতিয়াওঁ তেওঁ FDৰ ৰক্ত কোষত Yক্রমোজোমৰ পদার্থ সমূহ ধৰা পেলাবলৈ সক্ষম নহ’ল ।

         গৱেষক সকলে শিশুটিৰ ৰক্ত আৰু ছালৰ কোষত থকা X ক্রমোজোমৰ আৱহ(containing,producinge) DNA শৃংখলাটো পৰীক্ষা কৰি চালে,দেখা গ’ল যে,কোষধিলাকত থকা X ক্রমোজোমবোৰ ইটোৰ লগত সিটো একেবাৰে হুবহু মিলে আৰু সেই সকলোবোৰেই মাতৃ দিশৰ পৰা অহা।সেই ধৰণে অন্যান্য ২২টা ক্রমোজোমজুটিৰ সকলো এইদৰে দেখাত একেবাৰে একে আৰু মাতৃ দিশৰ পৰাই অহা।

         গৱেষক সকলে এন্দুৰ,নিগণি আদি নিম্নখাপৰ স্তন্যপায়ী জন্তুৰ ওপৰত গৱেষণা কৰি প্রমাণ কৰিছে যে এটা অনিষেচিত(unfertilization)

ডিম্বকোষৰ পৰাই FD ৰ বৃদ্ধি হয় আৰু তাৰ পাছত সেই কোষত বিভাজন ঘটিবলৈ ধৰে।তাৰ পিছত কোনো এক নির্দ্দিষ্ট সময়ত এটা শুক্রকীটে বিভাজিত হোৱা কোষবিলাকৰ কোনো এটা কোষ নিষেচিত(fertilization)

কৰে।তাৰ পিছত বিভিন্ন কোষৰ এই মিশ্রনটোৱেই অৱশেষত স্বাভাৱিক ধৰণে বৃদ্ধি হৈ পূর্ণ প্রাপ্তি লাভ কৰে।

গৱেষকসকলে প্রমাণ কৰিছে যে “পার্থেনোজিনিচতিক-PARTHENOGENETIC”

কোষৰ বৃদ্ধি স্বাভাৱিক কোষৰ বৃদ্ধিতকৈ মন্থৰ হয়;কিন্তূ উভয়েই অৱশ্যে একেবিধ কলাতে পৰস্পৰ সহাৱস্থান কৰি থাকিব পাৰে।শৰীৰৰ যিকোনো এবিধ কলাত পার্থেনোজিনিচতিক কলাৰ পৰিমাণ ভিন ভিন হ’ব পাৰে।


 Humans:-
On August 2, 2007, after much independent investigation, it was revealed that discredited South Korean scientistHwang Woo-Suk unknowingly produced the first human embryos resulting from parthenogenesis and successfully perform the process of parthenogenesis to create a human embryon and, ultimately, a human parthenogenetic stem cell line.Pl.log-on-http://wp.me/p20yGy-6w

শেষত উল্লেখিত আল্লাহ তা'লাৰ বাণীৰে সামৰণি মাৰিলো।ইয়াতে লগ-অন কৰকঃ-
http://wp.me/p53xn9-1U

##END##


[http://en.wikipedia.org/wiki/Parthenogenesis]


Wednesday 6 May 2015

[2]-Title- হঃঈছা(আঃ)ৰ জন্মতত্ত্ব

[2]-Title- হঃঈছা(আঃ)ৰ জন্মতত্ত্ব

-হঃ ঈছা(আঃ)ৰ জন্মতত্ত্ব আৰু জৈৱ-বিজ্ঞানৰ আৱিষ্কাৰ “পার্থেনোজিনিচিচ্"-
By-sgis
------------------------------------------------------
আমাৰ হাতত জন্ম লোৱা এই প্রৱন্ধৰ আঁৰৰ কাহিনীঃ- 

স্থানঃ-মাছখোৱা ঈদগাহ, তাং-২৬-১১-২০০৩, দিনঃ-ঈদ উল্ ফিটিৰ, সময়ঃ-নামাজৰ আগত।
    প্রতি ঈদৰ সময়ত পোৱাৰ দৰে এইবাৰো এলি আহমেদ বাইদেউৰ দ্বাৰা সম্পাদিত “ঈদ মোবাৰক”খন পালো।ঈদগাহৰ সকলোকে বিনামূল্যে বিতৰণ কৰিছে।কিন্তু এইবাৰ লিফলেট্ আকাৰত।
    তাত এটা সৰু প্রৱন্ধ প্রকাশ পাইছে।নামঃ- মানুহৰ জন্ম প্রক্রিয়া,লেখকঃ-হুছেইন আহমদ নুৰী,মাৰে ষ্টেট ইউনিভার্চিটি,আমেৰিকা।
প্রৱন্ধটোৰ সাৰাংশঃ-১। আমি পিতৃ অবিহনে জন্ম লোৱা নাই। পিতৃ অবিহনে জন্ম লোৱাৰ কথা কোৰআন শ্বৰীফৰ ক’তো উল্লেখ নাই। মানুহৰ জন্ম প্রক্রিয়াত ডিম্বানু আৰু শুক্রকীটৰ মিলনত সৃষ্টি হোৱা ভ্রূণৰ কথা কবলৈগৈ কোৰআন শ্বৰীফৰ আয়াতঃ-৯৬ৰঃ১-২, ৩২ৰঃ৭-৮, ৭৫ৰঃ৩৭, ৭৭ৰঃ২০,৮৬ৰঃ৫-৭, ৭ৰঃ১৮৯, আৰু ৪ৰঃ১, ১৬ৰঃ৭২, ২২ৰঃ৫,২৩ৰঃ১৪, ৪০ৰঃ৬৭, ৪২ৰঃ১১, ৪৯ৰঃ১৩, ৫৩ৰঃ৩২, ৪৫ৰঃ৪৬, ৫৬ৰঃ৫৮, ৭৬ৰঃ২উল্লেখ কৰিছে।
        ইয়াৰ উপৰিও জোৰায় জোৰায় সৃষ্টি পৰা বংশবিস্তাৰত কোৰআন শ্বৰীফৰ বিভিন্ন আয়াতৰ কথা উল্লেখ কৰিছে।
    ২।আল্লাহৰ বিধানত কোনো ব্যতিক্রম নাইঃ-বিবি মৰিয়মে আপোন জোৰা ব্যতীত যদি হযৰত ইছা(আঃ)ৰ জন্ম দিলেহেতেন তেনেহলে পূর্বে উল্লেখিত গোটেই কেইটা আয়াতৰ মাজত বিৰাট খুঁত ৰৈ গৈছে বুলি ক’ব লাগিব। কিন্তু আল্লাহৰ বিধানত কোনো ব্যতিক্রম নাই-আয়াত ৩৫ৰঃ৪৩, ৬৭ৰঃ৩-৪ ।
   ৩।ঈছা[আঃ]ৰ পৰিচয় কোৰআনত শ্বৰীফত “ঈছা ইবনে মৰয়ম”অর্থাৎ মৰয়মৰ-পুত্র ঈছাৰূপে।সেইবুলি তেখেতৰ পিতা থাকিব নোৱাৰে নেকি? মুছা[আঃ] ৰ মাকৰ নাম উল্লেখ আছে বাপেকৰ নাই। হজৰত মহম্মদ[দঃ]ৰ মাক-বাপেকৰ নাম উল্লেখ কোৰআনত শ্বৰীফত নাই।সেইবুলি এওঁলোকৰ পিতৃ নাছিল নে? 

বাকী অংশ কাইলৈ-in sha Allah-sgis-6/5/2015

[১]-Title- হঃঈছা(আঃ)ৰ জন্মতত্ত্ব

[১]-Title- হঃঈছা(আঃ)ৰ জন্মতত্ত্ব

হঃঈছা(আঃ)ৰ জন্মতত্ত্ব আৰু জৈৱ-বিজ্ঞানৰ আৱিষ্কাৰ “পার্থেনোজিনিচিচ্-PARTHENOGENESIS”-:-

Parthenogenesis is a form of asexual reproduction found in females, where growth and development of embryos occur without fertilization by a male. In plants, parthenogenesis means development of an embryo from an unfertilized egg cell, and is a component process of apomixis.



The asexual, all-female whiptail speciesCnemidophorus neomexicanus (center), which reproduces via parthenogenesis, is shown flanked by two sexual species having males, C. inornatus (left) andC. tigris (right), which hybridized naturally to form the C. neomexicanus species.
          খৃষ্ট ধর্মৰ ‘গড’ হৈছে যীশুখৃষ্ট। ইছলামত যীশুখৃষ্টই হৈছে হঃঈছা(আঃ)। এখেতৰ(আঃ) সময়ত ইঞ্জিল বা বাইবেল অৱতৰণ হৈছিল।হঃমহম্মদ(দঃ)আৰু হঃঈছা(আঃ)ৰ আবির্ভাৱৰ মাজত প্রায় পাচঁশ বছৰৰ ব্যৱধান। হঃঈছা(আঃ)আছিল প্রিয়নবী হঃমহম্মদ(দঃ)ৰ আসন্ন আবির্ভাৱৰ বার্তাবাহক আৰু বিঘোষক ।
     হঃঈছা(আঃ)ৰ মাক আছিল হঃমৰিয়ম(আঃ);কিন্তূ তেওঁৰ পিতা নাছিল।অর্থাত পিতৃ নোহোৱাকৈ হঃমৰিয়ম(আঃ)ৰ গর্ভত হঃঈছা(আঃ)ৰ জন্ম হৈছৈল।
পৱিত্র কোৰআন শ্বৰীফৰ চুৰা মৰিৰ্য়মত[19:16-19]আছেঃ-
 [19:16] Mention in the scripture Mary. She isolated herself from her family, into an eastern location.
 [19:17] While a barrier separated her from them, we sent to her our Spirit. He went to her in the form of a human being.
 [19:18] She said, “I seek refuge in the Most Gracious, that you may be righteous.”
 [19:19] He said, “I am the messenger of your Lord, to grant you a pure son.”
 [19:20] She said, “How can I have a son, when no man has touched me; I have never been unchaste.”
 [19:21] He said, “Thus said your Lord, `It is easy for Me. We will render him a sign for the people, and mercy from us. This is a predestined matter.’ “
           উক্ত আয়াত আৰু ব্যাখ্যাৰ পৰা ই স্পষ্ট যে হঃঈছা(আঃ)এ মাক  হঃমৰিয়ম(আঃ)ৰ গর্ভত বিনা পিতৃৰ ঔৰষত জন্ম লাভ কৰিছিল।ই হৈছে
পৱিত্র কোৰআন শ্বৰীফৰ স্পষ্টিকৰণ যাক আজি আধুনিক জৈৱ গৱেষণাৰ প্রযুক্তি বিজ্ঞানে মানি লবলৈ বাধ্য হৈছে।
-ক্রমশঃ-in sha Allah