Saturday 29 August 2015

[২২]-“হজৰত মহম্মদ(দঃ)ৰ পূর্ণাঙ্গ জীৱনধাৰাৰ চমু লেখ”

[২২]-“হজৰত মহম্মদ(দঃ)ৰ পূর্ণাঙ্গ জীৱনধাৰাৰ চমু লেখ”
———————চৈয়দ চ’গুড ইছলাম-24/08/2015———————


---যিসকলে বিভিন্ন গোত্রত ভাগহৈ যোৱা নিজা নিজা দলপতিৰে হীৰা পাহাৰৰ আশে-পাশে বসবাস কৰিছিল তেওঁলোকক সাধাৰণভাৱে ইৰাক ৰাষ্ট্রৰ অন্তর্ভুক্ত কৰা হৈছিল। এই বিলাকৰ উপৰিও আৰবৰ অভ্যন্তৰ ভাগতো যিবিলাক গোত্রই বসবাস কৰিছিল তেওঁলোক আছিল স্বাধীন। প্র্ত্যেক দলৰেই দলপতি আছিল। নিজ নিজ গোত্রই নিজকে সার্বভৌমত্ব স্বাধীন ৰাষ্ট্র হিচাবে ঘোষণা কৰিছিল আৰু বহিঃৰাষ্ট্রৰ আক্রমণৰ বাবে সন্মিলিত ভাৱে কাম কৰিছিল। দলপতিয়েই আছিল ৰাষ্ট্র প্রধান। কোনো অৱস্থাতেই কোনেও দলপতিৰ বিৰুদ্ধাচৰণ কৰিব নোৱাৰিছিল। কিবা কাৰণ বশত দলপতিৰ খং উঠিলে, লগে লগেই অনুচৰৰ খাপৰ পৰা ওলাই আহিছিল হাজাৰখন তৰুৱাল সহায়ৰ বাবে। খঙৰ কাৰণ জনাৰ কাৰো অধিকাৰ নেথাকে।
ৰাজনৈতিক অৱস্থাঃ-
---আৰব উপদ্বীপৰ তিনিও ফালৰ সীমান্তবর্তী দেশ সমূহৰ ৰাজনৈতিক অৱস্থা আছিল অতি দুখ লগাকৈ অস্থিৰতা, বিশৃঙ্খল আৰু পতনমুখী। ইয়াৰ অভ্যন্তৰ ভাগত বসবাস কৰা লোকসলোৰো অৱস্থা আছিল একেই বিশৃঙ্খলতা। গোত্র সমূহৰ মাজত বিবাদ-বিসম্বাদ, বংশ শত্রুতা, ধর্মীয় মতবিৰোধ, গোষ্ঠীগত বিদ্বেষ আদিয়ে পৰিবেশ সদায় উত্তপ্ত কৰি ৰাখিছিল। দলপতি বিলাকৰ আৰাম, সুখ-শান্তিৰ বাবে জনসাধাৰণ আৰু দাস দাসীসকলে কঠোৰ পৰিশ্রম কৰিব লাগিছিল। অর্থাৎ জনসাধাৰণে হাড়ক মাটি কৰি, তেজক পানী কৰি শস্য উৎপাদনকৰি ৰাজ ভড়াঁল টনকীয়াল কৰাৰ বিপৰীতে ৰাষ্ট্রনায়কবোৰে নিজৰ ভোগ-বিলাস, কাম-প্রবৃত্তি চৰিতার্থত খৰচ কৰি শেষ কৰিছিল। এককথাত স্বৈৰাচৰী শাসন চলিছিল।
---ইয়াৰ বিপৰীতে হিজায[Hejaz ] উপদ্বীপ ৰাষ্ট্রই কোনোমতে দ্বীনী আচৰ-আচৰণেৰে সন্মানসহ নিজকে ৰক্ষা কৰিব পাৰিছিল। ইয়াৰ কর্তিপক্ষই হাৰাম শ্বৰীফ আৰু ইয়াৰ আশে-পাশে হজৰত ইব্রাহীমী(আঃ) শৰীয়তৰ হুকুম-আহ্কামবোৰ যেনে-তেনে চলাই ৰাখিছিল। কিন্তু এই ৰাষ্ট্রৰ আভ্যন্তৰীণ দিশসমূহ বৰ দুর্ব্বৰ আছিল।
in next part-23-মছজিদুল হাৰামৰ থকা ৩৬০টা মূর্তি ধ্বংস-
ক্রমশঃ-ইন শ্বা আল্লাহ--

২৩-“হজৰত মহম্মদ(দঃ)ৰ পূর্ণাঙ্গ জীৱনধাৰাৰ চমু লেখ”



২৩-হজৰত মহম্মদ(দঃ) পূর্ণাঙ্গ জীৱনধাৰাৰ চমু লেখ
———————চৈয়দ গুড ইছলাম———————


মছজিদুল হাৰামৰ থকা ৩৬০টা মূর্তি ধ্বংস( www.quran.com/34/49 );-

আৰবৰ সাধাৰণ লোকসকল ইছমাইলৰ(আঃ) দা’ৱাত আৰু প্রচাৰৰ ফলত ইব্রাহীমী(আঃ)ৰ দ্বীনী অনুসৰি আছিল। এই কাৰণে তেওঁলোক আছিল আল্লাহ তা’লাৰ একত্ববাদত বিশ্বাসী আৰু  তেওঁৰেই এবাদত কৰিছিল।

---কিন্তু কালক্রমত তেওঁলোকে আল্লাহ তা’লাৰ একত্ববাদ আৰু দ্বীনী শিক্ষাৰ কোনো কোনো অংশ পাহৰি যায় আৰু ধর্মৰ প্রতি উদাসীনহৈ পৰে। এই সময়তেই মক্কাত প্রবেশ ঘটে বানু খুযাআহ গোত্রৰ চর্দাৰ আমৰ বিন লুহাইৰ। তেওঁ দান-খাইৰাত আৰু দ্বীনী বিষয়ৰ প্রতি জ্ঞান থকাৰ হেতুকে তেওঁক মানুহে গভীৰ শ্রদ্ধা কৰি অলীৰসকলৰ শাৰীৰ বুলি তেওঁক অনুসৰণ কৰিবলৈ ধৰে।

---এটা সময়ত আমৰ বিন লুহাই শাম দেশ ভ্রমণ কৰিবলৈ যায়। যদিও শাম দেশ  বহু পয়গম্বৰৰ জন্মস্থান আৰু  ঐশীবাণী নাজিল হোৱাৰ ক্ষেত্র আছিল তথাপি আমৰ বিন লুহায়ে তেওঁৰ ভ্রমণ কালত তাত মূর্তি পূজা-অর্চনা চর্চাৰ প্রত্যক্ষ কৰে। তেওঁ দেশ প্রত্যাৱর্তনৰ সময়ত “হোবল” নামৰ মূর্তিটো লগতলৈ আনি খানায়ে কা’বাৰ ভিতৰত স্থাপন কৰি পূজা-অর্চনা আৰম্ভ কৰি দিয়ে।

---“হোবল”ক পূজা-অর্চনাৰ বাবে আমৰ বিন লুহায়ে মক্কাবাসীক আমন্ত্রণ জনায়। এই আমন্ত্রণত বিপুল সহাৰি পোৱা গ’ল। তাকে দেখি হিজায বাসীয়ো মক্কাবাসীৰ পদাংক অনুসৰণ কৰিবলৈ লয়। কাৰণ তেওঁলোকো এটা সময়ত বায়তুল্লাৰ অভিভাৱক আৰু বাসিন্দা আছিল। এইদৰেই একত্ববাদী আৰববাসীহৈ পৰে জঘন্য ও ঘৃণিত মূর্তি পূজক।

-ক্রমশঃ-ইন শ্বা আল্লাহ—

Saturday 22 August 2015

(2০)“হজৰত মহম্মদ(দঃ)ৰ পূর্ণাঙ্গ জীৱনধাৰাৰ চমু লেখ”

(2০)“হজৰত মহম্মদ(দঃ)ৰ পূর্ণাঙ্গ জীৱনধাৰাৰ চমু লেখ”
———————চৈয়দ চ’গুড ইছলাম———————
১৮/০৮/২০১৫
---------------



——- মক্কাৰ শাসন-ক্ষমতা লাভৰ পিছত কুছাইয়ে শাসন ব্যৱস্থাক কিছু সংস্কাৰমুখি কৰিলে। তাৰ বাবে মক্কাৰ আশে-পাশে বস বাস কৰা কৰি থকা কুৰাইছসকলক মাতি আনি তেওঁলোকৰ মাজত মক্কাৰ নির্দ্দষ্ট স্থানত বহুৱাই আগতে কৰি থকা কামৰ ৰদ বদল নকৰাকৈ নিজনিজ পদত ৰাখিলে। আনকি আলে চফৱান, বানু আদনান, বানু মুৰৰা বিন আওফ প্রভৃতি গোত্র বোৰকো কাম আৰু পদ সমূহ ভগাই দিলে।
——কুছাইৰ সংস্কাৰমুখি কামৰ এটা গুৰুত্বপূর্ণ কাম হৈছিল “কা’বা-হাৰাম”ৰ উত্তৰ ফালে “দাৰুণ নাদৱা” ভৱনৰ সংস্থাপন। কুৰাইছসকলৰ বাবে ই বৰ গুৰুত্বপূর্ণ কল্যাণমুখি প্রতিস্থান আছিল।
—–কুছাই আছিল খুব উন্নতমানৰ ব্যক্তিসম্পন্ন নেতা। এই শ্রেষ্ঠত্বৰ পৰিপ্রেক্ষিতত পাচঁটা গুৰুত্বপূর্ণ অধিকাৰ পাইছিল কুছাইয়ে। সেই কেইটা হৈছেঃ-
১) সভাপতি (“দাৰুণ নাদৱা”ৰ অধিবেশনৰ)
২)লেৱা( Liwa‘) (যুদ্ধৰ পাতাকা ৰখা)
৩)হিজবাত(Hijabah) (খানায়ে কা’বাৰ ৰক্ষণাবেক্ষণা)
৪)সিকায়াহ(Siqayah ) (খেজুৰ আৰু কিচ্-মিচ্ মিহলি পানী হজযাত্রীক খুওৱা)
৫)ৰিফাদাহ্(Rifadah) (হজযাত্রীক আতিথ্য দান কৰা)।
——এই বিলাক বৰ উচ্চমার্গৰ সন্মানৰ কাম আছিল। কুছাইৰ প্রথম পুত্রৰ নাম আছিল “আব্দুদ্দাৰ”।কুছাই জীৱিত অৱস্থাতেই দ্বিতীয় পুত্র “আব্দে মানাফ” স-সন্মানে নেতৃত্বৰ আসনত অধিষ্ঠিত হয়।
-ক্রমশঃ-ইন শ্বা আল্লাহ -


(২১)-"হজৰত মহম্মদ(দঃ)ৰ পূর্ণাঙ্গ জীৱনধাৰাৰ চমু লেখ”



(২১)“হজৰত মহম্মদ(দঃ)ৰ পূর্ণাঙ্গ জীৱনধাৰাৰ চমু লেখ”
———চৈয়দ চ’গুড ইছলাম
-২২.০৮.২০১৫———
~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~ 


………যদিও দ্বিতীয় পুত্র “আব্দে মানাফ” মক্কাৰ নেতৃত্বৰ আসনত অধিষ্ঠিত হল তথাপি কুছাইয়ে প্রথম পুত্র “আব্দুদ্দাৰ” নামত লেৱা( Liwa’) (যুদ্ধৰ পাতাকা ৰখা), হিজবাত(Hijabah) (খানায়ে কা’বাৰ ৰক্ষণাবেক্ষণা), সিকায়াহ(Siqayah ) (খেজুৰ আৰু কিচ্-মিচ্ মিহলি পানী হজযাত্রীক খুওৱা), ৰিফাদাহ্(Rifadah) (হজযাত্রীক আতিথ্য দান কৰা) কামবোৰ অচিয়ত কৰি দিলে। কুছাই খুব উন্নতমানৰ ব্যক্তিসম্পন্ন নেতা আছিল বাবেই তেওঁৰ কামত সকলো সন্তুষ্ট থাকিল। তেওঁৰ জীৱিত কালত আনকি মৃত্যু পিছটো তেওঁৰ কর্মৰাজী দ্বীনৰ কাম বুলিয়েই সকলোৱেই দ্বিধাহীন ভাবে পালন কৰি গৈছিল।
——কিন্তু “আব্দে মানাফ”ৰ মৃত্যুৰ পাছত তেওঁৰ পুত্রসকল আৰু “আব্দুদ্দাৰ”পুত্রসকলৰ মাজত উক্ত পদসমৃহৰ বাবে অৰিয়াঅৰি(rivalry) লাগে। ফলত কুৰেইছসকল দুটা ভাগত বিভক্তহৈ পৰিল আৰু পদসমূহৰ বিভাজনৰ বাবে এখন সন্ধি চুক্তি কৰি পদসমূহ ভগাই ললে। সিকায়াহ(Siqayah ) আৰু ৰিফাদাহ্(Rifadah) এই পদ দুটা পালে মানাফৰ পুত্রসকলে। বাকী পদসমূহ আব্দুদ্দাৰ পুত্রসকলৰ ওচৰত থাকিল।
—–পুনৰ মানাফৰ পুত্রসকলৰ মাজত লটাৰীযোগে পদসমূহৰ বন্তন কৰা হয়। লটাৰীত নাম উঠিল-“হাছিম”(HASHIM) বিন আব্দে মানাফৰ নাম। তেতিয়াৰ পৰাই হাছিমে মৃত্যু পর্য্যন্ত সিকায়াহ(Siqayah ) আৰু ৰিফাদাহ্(Rifadah)ৰ দায়িত্ব পালন কৰি থাকে।
—- “হাছিম”(HASHIM)ৰ মৃত্যুৰ পাছত তেওঁৰ সহোদৰ মুত্তালিবলৈ সেই ঠাইত স্থলাভিষিক্ত(replaced) হয়। মুত্তালিবৰ পাছত তেওঁ ভাতৃপুত্র আব্দুল মুত্তালিব(ABDUL-MUTTALIB)[(যি হজৰত মহম্মদ চল্লালাহু আলইহি ৱা ছা্ল্লামৰ আতায়েক(grand-fathe)আছিল)] এই পদৰ অধিকর্তা হিচাবে কাম কৰি যায়। এনেকি ইছলামৰ যুগ আৰম্ভ হোৱালৈকে আব্বাছ বিন আব্দুল মুত্তালিব(ABDUL-MUTTALIB) উক্ত পদত অধিস্থিত থাকে।
A plan of some of the known grave((A) Ahle Bayt.
Log On:- http://wp.me/p2tSv9-O
(A) Ahle Bayt.
1. Fatimah bint Muhammad
2. Hassan ibn Ali ibn Abu Talib
3. Zain Abideen ibn Hussain ibn Ali
4. Muhammad Baaqir ibn Zainul Abideen
5. Jafar as-Sadiq ibn Muhammad Baaqir
6. Abbas ibn Abdul Muttalib

--আগলৈ - ইন শ্বা আল্লাহ