Friday 19 June 2015

(১৩)-"হজৰত মহম্মদ(দঃ)ৰ পূর্ণাঙ্গ জীৱনধাৰাৰ চমু লেখ”

(১৩)-"হজৰত মহম্মদ(দঃ)ৰ পূর্ণাঙ্গ জীৱনধাৰাৰ চমু লেখ”


By:- sogoodislam@gmail.com-sgis-20.06.2015
+++++++++++++++++++++++++++++++++++++++++++++++++++++
—–আমি তিৰমিয শ্বৰীফৰ, ২য়-খণ্ড, ২০১-পৃঃৰ হঃ আব্বাছ(ৰাঃ)ৰ বর্ণিত এটা হদিচৰ উল্লেখ কৰি আহিছিলো এনেদৰেঃ- ৰচুলুল্লাহে(দঃ) কৈছে-“আল্লাহ তা’লাই মানুহক সৃষ্টি কৰিলে আৰু মোক সর্ব্বোত্তম দলত দলভুক্ত কৰিলে। তাৰপিছত গোত্রসমূহ নির্বাচিত কৰা হয় আৰু মোক সর্ব্বোত্তম গোত্রৰ মাজত চামিল কৰা হয়। তাৰপিছত পাৰিবাৰিক মর্যদাৰ প্রতি লক্ষ্য কৰা হয়। আৰু এই ক্ষেত্রটো মোক অত্যন্ত মর্যদাশীল পৰিবাৰৰ অন্তভুক্ত কৰা হয়। এতেকে, মই মোৰ ব্যক্তিসত্তাৰ যিমান উত্তম, বংশ-মর্যদাৰ ক্ষেত্রটো সিমানেই সকলোতকৈ উত্তম”।
——উক্ত হদিছৰ আঁত ধৰি আমি হজৰত মোহম্মদ চল লল্লাহু আলাইহি ৱাচাল্লামৰ সম্পূর্ণ বংশাৱলীক তিনি ভাগত বিভক্ত কৰি ল’ম।
প্রথম পর্যায়তঃ-হজৰত মোহম্মদ চল লল্লাহু আলাইহি ৱাচাল্লামৰ পৰা আদনানলৈ।(এই পর্যায়তৰ বিশুদ্ধতাৰ ওপৰত বংশাৱলী বিশেষজ্ঞৰ অভিন্ন মত আছে। )
দ্বিতীয় পর্যায়তঃ-আদনানৰ পৰা হজৰত ইব্রাহীম(আঃ)লৈ।(এই পর্যায়তৰ বিশুদ্ধতাৰ ওপৰত বংশাৱলী বিশেষজ্ঞৰ ভিন্ন মত আছে যদিও ইয়াৰ ওপৰত পর্যালোচনা চলাই থকা হৈছে।)।
তৃতীয় পর্যায়তঃ-হজৰত ইব্রাহীম(আঃ)ৰ পৰা হজৰত আদম(আঃ)লৈ।(এই পর্যায়তৰ বিশুদ্ধতাৰ ওপৰত বংশাৱলী বিশেষজ্ঞৰ ভিন্ন মত থকাৰ উপৰিও বহুত ভুলভ্রান্তি আছে)।

—— আদনানৰ বংশধৰ সকলৰ বংশ বৃদ্ধিৰ লগেলগে তেওঁলোক জীবিকাৰ অণ্বেষণত আৰব ভূখণ্ডৰ শষ্য শ্যামলা অঞ্চল সমূহত সিঁচৰিতহৈ পৰিল। বানু কিনানা(KINNA) গোত্রৰ কুৰেইছসকল মক্কা আৰু তাৰ পার্শ্বৱর্তী অঞ্চল সমূহলৈ গৈ বসতি স্থাপন কৰে। এওঁলোকৰ আছিল এক নিয়ম কানুন নোহোৱা এক বৃশৃঙ্খল জীৱন। পিছত কুছাই(QUSAI-406 AD) বিন কিলাবে তেওঁলোকৰ নেতৃত্ব গ্রহন কৰি সঠিক পৰিচালনেৰে সকলোকে সঠিক পথলৈ আনি প্রকৃতার্থত মার্যদা ও সন্মানৰ আসনেৰে উন্নতিৰ শীর্ষ স্থানত বহুৱায়। কিন্তু সেই সময়ৰ  ও তাৰো বহু আগৰ অর্থাৎ খৃষ্টপূর্ব ২৫০০বছৰৰ(2500 BC) পৰা আৰব ভূখণ্ডৰ বিভিন্ন ৰাজ্যৰ ৰাজনৈতিক অৱস্থানো কি আছিল তাৰ কিছু আভাস লোৱা উচিত হ’ব।
—– সেই সময়ৰ আৰবৰ ৰাজ্য সমূহত দুই ধৰণৰ শাসন ব্যৱস্থা আছিল। এবিধ আছিল মুকুট পৰিহিত সম্রাট কিন্তু তেওঁলোক স্বাধীন নাছিল। আনবিধ আছিল মুকুটবিহীন গোত্রীয় দল নেতা। তেওঁলোক আছিল সম্পূর্ণ স্বাধীন। মুকুটধাৰী সম্রাটসকলৰ প্রশাসন কায়েম আছিল ইয়েমেন, গাছ্ছান(শ্যম ৰাজ্য) আৰু হীৰাহ(ইৰাক)। বাকী সকলোতেই গোত্রীয় দলনেতাৰ প্রশাসন চলিছিল।
-ক্রমশঃ--in sha Allah on-26/06/2015-sgis

No comments:

Post a Comment