Thursday 4 June 2015

(১১)-হজৰত মহম্মদ(দঃ)ৰ পূর্ণাঙ্গ জীৱনধাৰাৰ চমু লেখ”

(১১)-হজৰত মহম্মদ(দঃ)ৰ পূর্ণাঙ্গ জীৱনধাৰাৰ চমু লেখ”


By:- sogoodislam@gmail.com
----------------------------------------------------------









——ৰচুলুল্লাহে(দঃ) কৈছে যে, আল্লাহ তা’লাই হজৰত ইব্রাহীমৰ(আঃ) সন্তানসকলৰ মাজৰ পৰা হজৰত ইছমাইল(আঃ)ক আৰু হজৰত ইছমাইল(আঃ) সন্তানসকলৰ মাজৰ পৰা কিনানাক মনোনীত কৰিছে। কিনানাৰ মাজৰ পৰা কুৰাইছক, কুৰাইছৰ পৰা বানু হাছিমক আৰু বানু হাছিমৰ পৰা মোক(দঃ) মনোনীত কৰিছে।(সহীহ মুছলিম শ্বৰীফ, ২য়-খণ্ড, ২৪৫-পৃঃ)।অর্থাৎ হজৰত ইব্রাহীম(আঃ)—>হজৰত ইছমাইল(আঃ)—>আদনান গোত্র—>কিনানা গোত্র—>কুৰাইছ গোত্র—>ৰচুলুল্লাহ(দঃ)।
——তিৰমিয শ্বৰীফৰ, ২য়-খণ্ড, ২০১-পৃঃৰ হজৰত আব্বাছ(ৰাঃ)ৰ বর্ণিত এটা হদিচত ৰচুলুল্লাহে(দঃ) কৈছে-“আল্লাহ তা’লাই মানুহক সৃষ্টি কৰিলে আৰু মোক সর্ব্বোত্তম দলত দলভুক্ত কৰিলে। তাৰপিছত গোত্রসমূহ নির্বাচিত কৰা হয় আৰু মোক সর্ব্বোত্তম গোত্রৰ মাজত চামিল কৰা হয়। তাৰপিছত পাৰিবাৰিক মর্যদাৰ প্রতি লক্ষ্য কৰা হয়। আৰু এই ক্ষেত্রটো মোক অত্যন্ত মর্যদাশীল পৰিবাৰৰ অন্তভুক্ত কৰা হয়। এতেকে, মই মোৰ ব্যক্তিসত্তাৰ যিমান উত্তম, বংশ-মর্যদাৰ ক্ষেত্রটো সিমানেই সকলোতকৈ উত্তম”।
++++++++++++++++++
——আমি ওপৰত কৈ আহিছোযে নাবিত আৰু কায়দাৰ বংশৰ বাহিৰে বাকী সকলোৰে নাম-নিচান নাইকিয়াহৈ যায়। এই সময়তেই ৰুমীসকলৰ অভ্যুদয় ঘটে। বিভিন্ন ক্ষেত্রত তেওঁলোকে ইমানেই উন্নতি আৰু শক্তি আহৰণ কৰেযে তাৰ তুলনাত নাবিতসকল ধূসৰিতহৈ পৰে। এই নাবিতসকলৰ অবশিষ্ট বংশধৰ সকল অর্থাৎ নাবিত বিন হজৰত ইছমাইল(আঃ) আৰব ভূমিতেই অৱস্থান কৰিছিল বুলি গবেষণা সূত্রে জনা যায়।
——ইফালে কালক্রমত কায়দাৰ বিন হজৰত ইছমাইল(আঃ) বংশৰ লোকসকলে বংশ বৃদ্ধি কৰি পূণ্য মক্কা নগৰিত উন্নতিৰ চৰম সীমা পাইছিলগৈ। কালচক্রৰ মেৰপাকত এওঁলোকও অজ্ঞাত অখ্যাতহৈ পৰে। কিন্তু; এওঁলোকৰেই এটা ঠাল অর্থাৎ আদনান বংশধৰসকলৰ অভ্যুদয় ঘটে।
এই কথা বিশেষভাৱে লক্ষ্যণীয়যে আৰবৰ আদনান বংশ পৰম্পৰা সূত্র বিশুদ্ধভাবে এই পর্যন্তই সংৰক্ষিত হৈ আছে।
  ফটো- দুখন বংশ তালিকা 
—-ক্রমশঃ->নেক্সত-১২/০৬/২০১৫-in sha Allah--[sgis-5.6.15-ghy]

No comments:

Post a Comment