Saturday 23 May 2015

(5)-বিশ্ব নবীৰ(দঃ)স-শৰীৰে মে’ৰাজ ভ্রমণ-

(5)-বিশ্ব নবীৰ(দঃ)স-শৰীৰে মে’ৰাজ ভ্রমণ-
-পৰকালৰ চাক্ষুষ ঘটনা-
              “বৈজ্ঞানিকভাৱে প্রমাণিত বিশ্ব নবীৰ(দঃ) স-শৰীৰে মে’ৰাজ ভ্রমণ”
By:- sogoodislamsyeds-(sgis)
+++++++++++++++++++++++
4নং খণ্ডটিঃ- http://sgis-misc.blogspot.in/2015/05/4.html
[[SaJidul IsLam ধন্যবাদ ভাই লগতে এইখিনি অলপ বহলাই কবছোন...
"বাইতুল মোক্কাদ্বিছৰ মছজিদ আল-আকচাত হজৰত মহম্মদে(দঃ) সকলো পয়গম্বৰৰ জামাতত ইমামতি কৰিছিল"]]
++++++++++++++++++++++++++

- বন্ধুৰ অনুৰোধত আমি মে’ৰাজ ভ্রমণ কাহিনীত কিছু পিছুৱাই যাবলগীয়া হ'ল।
-মক্কাৰ মছজিদে হাৰামৰ পৰা জেৰুজালেমৰ বাইতুল মোক্কাদ্বিছলৈকে এই ভ্রমণক ঈছৰা(ISRA) বুলি কোৱা হয় আৰু ভ্রমণ বোৰাকৰ পিঠিত আছিল। ঈছৰাৰ পৰৱর্তী ধাপটোক মে’ৰাজ বুলি কোৱা হয়।  মে’ৰাজত সাতখন আচমান(seven  heavens)পাৰহৈ যোৱা হয়। মন কৰিবলগীয়া কথাটো হ'লযে আমি বাস কৰা ও হাজাৰ হাজাৰ বিশ্বব্রহ্মাণ্ডবোৰ  (thosand of galaxies) প্রথম আচমানৰ তলত আছে। 

                  


-ঈছৰা আৰু মে’ৰাজৰ উদ্দেশ্য হৈছে আল্লাহ তা'লাই তেখেতৰ কুদৰতৰ কিছু নমুনা (sign of miracles) তেওঁৰ ৰছুল হজৰত মহম্মদ(দঃ)ক দেখুওৱা। কুদৰতৰ নমুনা কেৱল মহম্মদ(দঃ)কেই দেখুৱাইছিল । ইয়াত কোনো মানুহ সাক্ষী নাছিল।  Dr.Yasir Qadhiৰ মতে বিশজন চাহাবাৰ(ৰাঃ) Reportত কিছু ক্ষেত্রত অমিল দেখা যায়। উদাহৰণ হিচাবে তেখেতে পয়গম্বৰৰ(আঃচাঃ) জামাতত ইমামতি কৰাৰ আগতে জিব্রাইলে(আঃচাঃ) দুটা পাত্রৰ এটাত গাখীৰ আৰু আনটোত মদদি যিকোনো এটা পান কৰিবলৈ দিছিল। এই বিশুদ্ধ হাদিচটো কোনো কোনোৱে সাত আচমানত  ঘটিছিল বুলি পোৱা যায়। 

--আৰু এটা মন কৰিব লগীয়া  কথা হৈছেযে , আল্লহ তা'লাই তেওঁৰ পৰম বিশ্বাসী উচ্চ প্রসংশিত উপাধি "আব্দুল্লা"ক(দঃ)      তেওঁৰ কুদৰতৰ নমুনা জ্বীন আৰু মানবকযে কেৱল তেওঁৰ এবাদতৰ বাবেই সৃষ্টি কৰিছিল  তাক তেওঁৰ(দঃ) নিজ চকুৰে দেখুৱাটো। সেয়েহে হয়তু এবাদতৰ প্রথমটো ফৰজ চালাহ(নামাজ)ক তেওঁ(দঃ) যিদৰে পঢ়িছিল তেনেকৈ আমাকো পঢ়িবলৈ কৈছে।

--বাইতুল মোক্কাদ্বিছৰ মছজিদ আল-আকচাত হজৰত মহম্মদে(দঃ) বোৰাকক মছজিদৰ বাহিৰত এটা খুটাত বান্ধি থৈ দুই ৰাকাত নামাজ পঢ়াৰ উদ্দেশ্যে আহি দেখিছিল সকলো পয়গম্বৰক(আঃচাঃ)। জিব্রাইলে(আঃচাঃ) হজৰত মহম্মদক(দঃ) ইমামতিৰ বাবে আগ বঢ়াইদি নিজে পয়গম্বৰ(আঃচাঃ)ৰ শাৰীত ঠিয় হৈছিল। হজৰত মহম্মদৰ(দঃ) পিছতেই আছিল হজৰত ইব্রাহীম(আঃ)। তেওঁৰ(আঃ) সোঁফালে আছিল হজৰত ইছমাইল(আঃ) আৰু বাওঁফালে আছিল হজৰত ইছহাক(আঃ)।

--Dr.Yasir Qadhiৰ মতে সকলো এটা শাৰীতেই খাড়া হৈছিল।

-- ক্রমশঃnext on sat.day(30.5.2015--sgis,23.5.2015

No comments:

Post a Comment