Saturday 29 August 2015

২৩-“হজৰত মহম্মদ(দঃ)ৰ পূর্ণাঙ্গ জীৱনধাৰাৰ চমু লেখ”



২৩-হজৰত মহম্মদ(দঃ) পূর্ণাঙ্গ জীৱনধাৰাৰ চমু লেখ
———————চৈয়দ গুড ইছলাম———————


মছজিদুল হাৰামৰ থকা ৩৬০টা মূর্তি ধ্বংস( www.quran.com/34/49 );-

আৰবৰ সাধাৰণ লোকসকল ইছমাইলৰ(আঃ) দা’ৱাত আৰু প্রচাৰৰ ফলত ইব্রাহীমী(আঃ)ৰ দ্বীনী অনুসৰি আছিল। এই কাৰণে তেওঁলোক আছিল আল্লাহ তা’লাৰ একত্ববাদত বিশ্বাসী আৰু  তেওঁৰেই এবাদত কৰিছিল।

---কিন্তু কালক্রমত তেওঁলোকে আল্লাহ তা’লাৰ একত্ববাদ আৰু দ্বীনী শিক্ষাৰ কোনো কোনো অংশ পাহৰি যায় আৰু ধর্মৰ প্রতি উদাসীনহৈ পৰে। এই সময়তেই মক্কাত প্রবেশ ঘটে বানু খুযাআহ গোত্রৰ চর্দাৰ আমৰ বিন লুহাইৰ। তেওঁ দান-খাইৰাত আৰু দ্বীনী বিষয়ৰ প্রতি জ্ঞান থকাৰ হেতুকে তেওঁক মানুহে গভীৰ শ্রদ্ধা কৰি অলীৰসকলৰ শাৰীৰ বুলি তেওঁক অনুসৰণ কৰিবলৈ ধৰে।

---এটা সময়ত আমৰ বিন লুহাই শাম দেশ ভ্রমণ কৰিবলৈ যায়। যদিও শাম দেশ  বহু পয়গম্বৰৰ জন্মস্থান আৰু  ঐশীবাণী নাজিল হোৱাৰ ক্ষেত্র আছিল তথাপি আমৰ বিন লুহায়ে তেওঁৰ ভ্রমণ কালত তাত মূর্তি পূজা-অর্চনা চর্চাৰ প্রত্যক্ষ কৰে। তেওঁ দেশ প্রত্যাৱর্তনৰ সময়ত “হোবল” নামৰ মূর্তিটো লগতলৈ আনি খানায়ে কা’বাৰ ভিতৰত স্থাপন কৰি পূজা-অর্চনা আৰম্ভ কৰি দিয়ে।

---“হোবল”ক পূজা-অর্চনাৰ বাবে আমৰ বিন লুহায়ে মক্কাবাসীক আমন্ত্রণ জনায়। এই আমন্ত্রণত বিপুল সহাৰি পোৱা গ’ল। তাকে দেখি হিজায বাসীয়ো মক্কাবাসীৰ পদাংক অনুসৰণ কৰিবলৈ লয়। কাৰণ তেওঁলোকো এটা সময়ত বায়তুল্লাৰ অভিভাৱক আৰু বাসিন্দা আছিল। এইদৰেই একত্ববাদী আৰববাসীহৈ পৰে জঘন্য ও ঘৃণিত মূর্তি পূজক।

-ক্রমশঃ-ইন শ্বা আল্লাহ—

No comments:

Post a Comment