Saturday 22 August 2015

(2০)“হজৰত মহম্মদ(দঃ)ৰ পূর্ণাঙ্গ জীৱনধাৰাৰ চমু লেখ”

(2০)“হজৰত মহম্মদ(দঃ)ৰ পূর্ণাঙ্গ জীৱনধাৰাৰ চমু লেখ”
———————চৈয়দ চ’গুড ইছলাম———————
১৮/০৮/২০১৫
---------------



——- মক্কাৰ শাসন-ক্ষমতা লাভৰ পিছত কুছাইয়ে শাসন ব্যৱস্থাক কিছু সংস্কাৰমুখি কৰিলে। তাৰ বাবে মক্কাৰ আশে-পাশে বস বাস কৰা কৰি থকা কুৰাইছসকলক মাতি আনি তেওঁলোকৰ মাজত মক্কাৰ নির্দ্দষ্ট স্থানত বহুৱাই আগতে কৰি থকা কামৰ ৰদ বদল নকৰাকৈ নিজনিজ পদত ৰাখিলে। আনকি আলে চফৱান, বানু আদনান, বানু মুৰৰা বিন আওফ প্রভৃতি গোত্র বোৰকো কাম আৰু পদ সমূহ ভগাই দিলে।
——কুছাইৰ সংস্কাৰমুখি কামৰ এটা গুৰুত্বপূর্ণ কাম হৈছিল “কা’বা-হাৰাম”ৰ উত্তৰ ফালে “দাৰুণ নাদৱা” ভৱনৰ সংস্থাপন। কুৰাইছসকলৰ বাবে ই বৰ গুৰুত্বপূর্ণ কল্যাণমুখি প্রতিস্থান আছিল।
—–কুছাই আছিল খুব উন্নতমানৰ ব্যক্তিসম্পন্ন নেতা। এই শ্রেষ্ঠত্বৰ পৰিপ্রেক্ষিতত পাচঁটা গুৰুত্বপূর্ণ অধিকাৰ পাইছিল কুছাইয়ে। সেই কেইটা হৈছেঃ-
১) সভাপতি (“দাৰুণ নাদৱা”ৰ অধিবেশনৰ)
২)লেৱা( Liwa‘) (যুদ্ধৰ পাতাকা ৰখা)
৩)হিজবাত(Hijabah) (খানায়ে কা’বাৰ ৰক্ষণাবেক্ষণা)
৪)সিকায়াহ(Siqayah ) (খেজুৰ আৰু কিচ্-মিচ্ মিহলি পানী হজযাত্রীক খুওৱা)
৫)ৰিফাদাহ্(Rifadah) (হজযাত্রীক আতিথ্য দান কৰা)।
——এই বিলাক বৰ উচ্চমার্গৰ সন্মানৰ কাম আছিল। কুছাইৰ প্রথম পুত্রৰ নাম আছিল “আব্দুদ্দাৰ”।কুছাই জীৱিত অৱস্থাতেই দ্বিতীয় পুত্র “আব্দে মানাফ” স-সন্মানে নেতৃত্বৰ আসনত অধিষ্ঠিত হয়।
-ক্রমশঃ-ইন শ্বা আল্লাহ -


No comments:

Post a Comment