Saturday 29 August 2015

[২২]-“হজৰত মহম্মদ(দঃ)ৰ পূর্ণাঙ্গ জীৱনধাৰাৰ চমু লেখ”

[২২]-“হজৰত মহম্মদ(দঃ)ৰ পূর্ণাঙ্গ জীৱনধাৰাৰ চমু লেখ”
———————চৈয়দ চ’গুড ইছলাম-24/08/2015———————


---যিসকলে বিভিন্ন গোত্রত ভাগহৈ যোৱা নিজা নিজা দলপতিৰে হীৰা পাহাৰৰ আশে-পাশে বসবাস কৰিছিল তেওঁলোকক সাধাৰণভাৱে ইৰাক ৰাষ্ট্রৰ অন্তর্ভুক্ত কৰা হৈছিল। এই বিলাকৰ উপৰিও আৰবৰ অভ্যন্তৰ ভাগতো যিবিলাক গোত্রই বসবাস কৰিছিল তেওঁলোক আছিল স্বাধীন। প্র্ত্যেক দলৰেই দলপতি আছিল। নিজ নিজ গোত্রই নিজকে সার্বভৌমত্ব স্বাধীন ৰাষ্ট্র হিচাবে ঘোষণা কৰিছিল আৰু বহিঃৰাষ্ট্রৰ আক্রমণৰ বাবে সন্মিলিত ভাৱে কাম কৰিছিল। দলপতিয়েই আছিল ৰাষ্ট্র প্রধান। কোনো অৱস্থাতেই কোনেও দলপতিৰ বিৰুদ্ধাচৰণ কৰিব নোৱাৰিছিল। কিবা কাৰণ বশত দলপতিৰ খং উঠিলে, লগে লগেই অনুচৰৰ খাপৰ পৰা ওলাই আহিছিল হাজাৰখন তৰুৱাল সহায়ৰ বাবে। খঙৰ কাৰণ জনাৰ কাৰো অধিকাৰ নেথাকে।
ৰাজনৈতিক অৱস্থাঃ-
---আৰব উপদ্বীপৰ তিনিও ফালৰ সীমান্তবর্তী দেশ সমূহৰ ৰাজনৈতিক অৱস্থা আছিল অতি দুখ লগাকৈ অস্থিৰতা, বিশৃঙ্খল আৰু পতনমুখী। ইয়াৰ অভ্যন্তৰ ভাগত বসবাস কৰা লোকসলোৰো অৱস্থা আছিল একেই বিশৃঙ্খলতা। গোত্র সমূহৰ মাজত বিবাদ-বিসম্বাদ, বংশ শত্রুতা, ধর্মীয় মতবিৰোধ, গোষ্ঠীগত বিদ্বেষ আদিয়ে পৰিবেশ সদায় উত্তপ্ত কৰি ৰাখিছিল। দলপতি বিলাকৰ আৰাম, সুখ-শান্তিৰ বাবে জনসাধাৰণ আৰু দাস দাসীসকলে কঠোৰ পৰিশ্রম কৰিব লাগিছিল। অর্থাৎ জনসাধাৰণে হাড়ক মাটি কৰি, তেজক পানী কৰি শস্য উৎপাদনকৰি ৰাজ ভড়াঁল টনকীয়াল কৰাৰ বিপৰীতে ৰাষ্ট্রনায়কবোৰে নিজৰ ভোগ-বিলাস, কাম-প্রবৃত্তি চৰিতার্থত খৰচ কৰি শেষ কৰিছিল। এককথাত স্বৈৰাচৰী শাসন চলিছিল।
---ইয়াৰ বিপৰীতে হিজায[Hejaz ] উপদ্বীপ ৰাষ্ট্রই কোনোমতে দ্বীনী আচৰ-আচৰণেৰে সন্মানসহ নিজকে ৰক্ষা কৰিব পাৰিছিল। ইয়াৰ কর্তিপক্ষই হাৰাম শ্বৰীফ আৰু ইয়াৰ আশে-পাশে হজৰত ইব্রাহীমী(আঃ) শৰীয়তৰ হুকুম-আহ্কামবোৰ যেনে-তেনে চলাই ৰাখিছিল। কিন্তু এই ৰাষ্ট্রৰ আভ্যন্তৰীণ দিশসমূহ বৰ দুর্ব্বৰ আছিল।
in next part-23-মছজিদুল হাৰামৰ থকা ৩৬০টা মূর্তি ধ্বংস-
ক্রমশঃ-ইন শ্বা আল্লাহ--

No comments:

Post a Comment