Sunday 13 September 2015

[১]-“কামাণ্ড এণ্ড ৰিপ্লায়”


“কামাণ্ড এণ্ড ৰিপ্লায়”
–ৰিপ্লায় অফ চৈয়দ চ’গুড ইছলাম(১৩/০৯/২০১৫)-  
+++++++++++++++++++++++++++  
-এজন অমুছলমানে মছজিদুল হাৰামৰ এজন ইমামৰ command ত ১৫-২০ লক্ষ মানুহে উঠা বহা কৰা দেখি আচৰিত নহবনে বাৰু? আচৰিত হোৱাৰেই কথা। অমুছলমানে ভাবিব মানুহখিনিৰ নিজস্ব একোৱেই নাই। সকলো ইমামৰ  commandৰ মতেহৈ আছে।
---কিন্তু যদি ইমামে(অসমীয়া) ক্কিৰাত পঢ়িবলৈগৈ চুৰা ফাতেহাৰ  ঠাইত ভূপেন হাজৰিকৰ বুকু হম্ হম্ কৰে গানটো গাই দিয়ে তেতিয়া কি হ’ব??  
A]-১/২ বাৰ লোকমা দিব।
B]-গালি পাৰিব।
C]-পাগল বুলি ভাবিব।
D]-ইমামতিৰ যোগ্যতা হেৰুৱাব আৰু মছজিদৰ পৰা বাহিৰ কৰি দিব।
E]-A,B,C,Dৰ এটাও নহয়।
++++++++++++++++++++++++++
Reply:-

---চুৰাৰ সলনি গান গোৱাৰ বাবে আপোনালোকে বহুতে ইমাম আৰু আমাক বেয়া ধৰণেৰে গালি পাৰিছে। এই পষ্টৰ উদ্দেশ্যই আছিলযে আপোনালোকে বুজক আৰু হিয়া উজাৰি গালি দিয়ক।।কিন্তু কিছু বন্ধুৱে option দিয়াৰ পিছটো সীমাৰ পৰিধি ভাঙি হাৰামত লিপ্তহৈ পৰিল।  যি কি নহওঁক ------
---ইমাম চাহাবে এক নতুন ধৰণৰ চালাত আৰম্ভ কৰিছিল। কিন্তু আপোনালোকে mind chickingৰ দ্বাৰ গম পালেযে এইবোৰ অশুদ্ধ। কাৰণ আল্লাহ ৰছুল(দঃ) নির্দ্দেশ মতে চালাত হোৱা নাই।।
---নামাজী সকলে(গালিপৰা সকলেও) ইমাম চাহাবকটো সেই সময়ৰ বাবে Taqlid  [(Arabic تَقْليد taqlīd) means "to follow ] কৰিছিল, কিয় খং উঠিব লগা হল?
---ইমামৰ কামাণ্ড সর্বশেষ(ultimate) নহয় । এই কামাণ্ড conditional বা contingent..। ইয়াৰ মানে হৈছে এই  গুণ আল্লাহ আৰু তেওঁৰ ৰছুল(দঃ)ৰ আদেশ-নিষেধৰ মাজত সীমাবদ্ধ। এইটোৱেই ইছলামৰ মূলনীতি।
---আমাৰ ভাব হৈছে আপোনালোকে গানগাই থকা (বুজাবৰ বাবে গান শব্দটো ব্যৱহাৰ কৰা হৈছে) চালাতৰ কথা বুজিব পাৰলে temporary taqlid বাদদি ultimate taqlidক মানে ৰছুল(দঃ)ক মানি লব। যিটো আল্লাহ তা’লাই কোৰআন মজীদত কৈ আছে।
----- conditional বা contingent.. কথাটো এনেকৈয়ো ক’ব পাৰি- There is no obedience, when it comes to disobedience to Allah(swt).চিধাকৈ কবলৈ হলে কব লাগিবযে-ৰজা-মহাৰজা, ববা-মা, স্বামী বা ইমামৰ প্রতি আনুগত্য থাকিলে আল্লাহৰ অবাধ্য হোৱা নচলিব।  
--এই নীতিৰেই আমি কব পাৰোযে কোনো আলীম, হুজুৰ , পীৰ, বুজূর্গ বা নেতাৰ অন্ধ অনুকৰণ কৰিব নোৱাৰো।
--অনুকৰণ কৰিবলৈ হলে আমি ভালকৈ check কৰি লম তেওঁলোৰ কথা বা কর্ম-কাণ্ড আল্লাহ আৰু তেওঁৰ ৰছুল(দঃ)ৰ আদেশ-নিষেধৰ সৈতে মিল আছেনে নাই।।
--এই মূলনীতি বুজিবলৈ কোৰআন মজিদৰ এটা আয়াতেই যথেষ্ট । কিন্তু বহুতেই ইয়াৰ শানে নুযুল নজনাকৈ “উলীল আমৰ” শব্দ কেইটাৰ ঠাইত পীৰ, আমিৰ, বুজুর্গক কৌশলেৰে সোমোৱাই লয়।  (চুৰা নিচা-)
(www.quran.com/4/59 )
হে ঈমানদারগণ! আল্লাহর নির্দেশ মান্য(আনুগত্য) কর, নির্দেশ মান্য কর রসূলের এবং তোমাদের মধ্যে যারা বিচারক তাদের। তারপর যদি তোমরা কোন বিষয়ে বিবাদে প্রবৃত্ত হয়ে পড়, তাহলে তা আল্লাহ ও তাঁর রসূলের প্রতি প্রত্যর্পণ কর-যদি তোমরা আল্লাহ ও কেয়ামত দিবসের উপর বিশ্বাসী হয়ে থাক। আর এটাই কল্যাণকর এবং পরিণতির দিক দিয়ে উত্তম।


O ye who believe! Obey Allah, and obey the Messenger, and those charged with authority among you. If ye differ in anything among yourselves, refer it to Allah and His Messenger, if ye do believe in Allah and the Last Day: That is best, and most suitable for final determination.



---জানেনে মাজবধাৰী বিশেষকৈ হানাফী মজহবৰ আজানটোৰ বাদে বাকী চালাতৰ সকলো নিয়ম কানুন গানগোৱা চালাত, যদিহে আপোনালোকে শিৰোনামাত দিয়া পষ্টটোৰ দৰে অনুসন্ধাণৰ কৰিলে হেতেঁন।
---উক্ত আয়াতৰ দ্বাৰা সকলোকে গুমৰাহ কৰা আলীম, হুজুৰ , পীৰ, বুজূর্গ বা নেতাক আপোনালোকে চিনাক্ত কৰক।
---যি selected চাৰি মজহৰ কথাকৈ থকা হয় তেনে কোনো ভাগ ইছলামত নিষিদ্ধ । চাৰি ইমামে কোনো মাজহব বনোৱা নাছিল। তেওঁলোকে ৰছুলৰ(দঃ) ultimate taqlid কৰিছিল।
---উপৰত উল্লেখ কৰা আয়াতটোত “আতিউ” বুলি এটা শব্দ আছে। তাৰ অর্থ আনুগত্য(obey)কোনো ধর্মিয় বিষয়ত বিতর্ক হলে কেৱল দুটা কর্তি্ত্বৰ উৎসৰ ওচৰ চাপিবলৈ কৈছে। সেয়া হৈছে আল্লাহ তা’লা আৰু তেওঁৰ ৰছুল(দঃ)।
---লক্ষ্য কৰিব লগা বিষয়টো হৈছে আল্লাহ তা’লা মানে ‘কোৰআন’ আৰু ৰছুল(দঃ) মানে চুন্নত। এই দুয়োটকে একে লগে কোৱা হৈছে(--- Obey Allah, and obey the Messenger---)।
---সেই আয়াতত মানব জীৱনৰ সকলো বিতর্ক বা মতবিৰোধকেই সামৰি লোৱা হৈছে। অর্থাৎ কোনো বিষয়ৰ সমাধানৰ বাবে কেৱল কোৰআন আৰু চুন্নাহৰ মাজতেই বিচাৰিব কৈছে।।।
-শেষ-মহান আল্লাহ তা’লাই আমাক বুজি আমল কৰাৰ তৌফিক দিয়ক। আমীন.........।।

No comments:

Post a Comment