Thursday 24 September 2015

PART-2.+ REPTY-[3]-“ইছলামিক কামাণ্ড এণ্ড ৰিপ্লায়”


PART-2.
++++
REPTY-[3]-“ইছলামিক কামাণ্ড এণ্ড ৰিপ্লায়”
–ৰিপ্লায় অফ চৈয়দ চ’গুড ইছলাম-২১/০৯/২০১৫
আজিৰ কামাণ্ড:- তথাকথিত তবলীগ-জামাত/ইজতিমা/বিশ্ব-ইজতিমাক বহুতে বেয়া পায় আৰু ইয়াক বে’দাত বুলি কয়।
--আপোনি ইয়াক বে’দাত বুলি ভাবেনে, নেভাবে??
যুক্তি সহকাৰে[ছহী দলীল] আপোনাৰ কমেণ্ট দিয়কঃ-
(A) ভাবো (কিয়?), (B) নেভাবো (কিয়?) ।
++++++++++++++++++++++++++++++++++++++++
-এই খণ্ডটিত বহু উচ্চ গুণগত মানদণ্ডৰ বন্ধুৰ হৈ Nazimul Hussain চাহাবৰ এই commentটো উল্লেখ নকৰাকৈ থাকিব নোৱাৰিলো।
-- :-মই ও আজি 3 বছৰৰ আগতে ইলিয়াছি তবলীগৰ লগত জড়িত আছিলো কিন্তু পাছত তৌৱা কৰি ওলাই আহিলো । যেতিয়া বুজিব পাৰিলো কোনো হাদীচত এক চিলা , তিনি চিলা , বছৰ চিলাৰ কোনো দলীল নাই। আলাই মোক চহী ৰাস্তা দেখুওৱালে । সেয়েহে সকলোকে অনুৰোধ কৰো আমি পৰতিজন মুচলমানে Debate নকৰি সত্য টো উদঘাতন কৰিব চেষ্টা কৰো......
+++++++++++++++
লগতে তবলীগ জামাতৰ হৈ যি সকলে কমেণ্ট কৰিলে তেওঁলোকৰ কমেণ্ট কেইটামান 1st.comment boxত দিছো যাতে তবলীগ কৰা সকলৰ মাত-কথা বোৰ কেনে হয়।।
+++++++++++++++
--চুফিতন্ত্র, মাজাৰতন্ত্র, ঋষিতন্ত্র, মণিষিতন্ত্র, বেদতন্ত্র, গীতাতন্ত্র, বাইবেলতন্ত্র আদিবোৰত জীৱনৰ বাবে বহু উপদেশ মূলক কথা আছে। এইবোৰ জানি থোৱা নিশ্চয় বেয়া নহয়। কিন্তু এইবোৰৰ বিষয়ে সবিশেষ নজনাকৈ যতে ততে ব্যৱহাৰ কৰিব নোৱাৰে।
--বেদ, গীতা, বাইবেল আদিবোৰৰ ঈশ্বৰজন হৈছে বহু, দ্বিত্ব আৰু তিত্ববাদৰ। কিন্তু ইছলাম একত্ববাদৰ ওপৰত প্রতিষ্ঠিত। যাক কোৱা হয় তৌহীদ। গতিকে বহু, দ্বিত্ব আৰু তিত্ববাদৰ বস্তুবোৰ তৌহীদত সোমোৱাই দিব পাৰিবনে? কেতিয়াও নোৱাৰে। তেনে কৰিলেই আপোনিহৈ পৰিব র্শিকী আৰু বে’দাতী। যাৰ পৰিনাম জহন্নাম।

--মনত ৰাখিব প্রচলীত ইলিয়াচী তবলীগ জামাত প্রথম বাক্যৰ অন্তর্ভূক্ত। হয় আপোনি বহু ভাল কথাই তাত শিকিলে। কিন্তু শিকি অহা চালাতৰ পদ্ধতি আল্লাহ তা’লাই প্রৱর্তন কৰা আৰু হজৰত মহম্মদে(সাঃ) পূর্ণাঙ্গ ৰূপ দিয়া ইছলামত সোমোৱাব নোৱাৰিব। কাৰণ সেইবোৰ(তবলীগত শিকা) র্শিক আৰু বে’দাতেৰে গেলি আছে।
--উল্লেখ্য যে, তাবলীগ জামাতে কথিত ইজতেমাৰ, বিশ্ব ইজতেমাৰ আয়োজন কৰি থাকে। তাত ইছলামৰ নামত জাল, যঈফ হাদীচৰ আৰু ভিত্তিহীন ফাযায়েল ও কিচ্ছা-কাহিনী শুনাৰ দাৱাত দিয়া হয়, বিদ‘আতী আক্বীদা ও আমল প্রচাৰ কৰা হয়।
--ইজতেমাত আখেৰী মুনাজাতৰ বে’দাত আৰম্ভ কৰি তেওঁলোকে এককভাবে দোৱা কৰাৰ ছহীহ তৰীকাৰ পৰা মানুহক ঘূৰাই নিছে। মানুহে এতিয়া ফৰজ চালাত আদায় কৰাতকৈ আখেৰী মুনাজাতত যোগদান কৰাকেই অধিক গুৰুত্ব দিছে। এতেকে এইবোৰ বেদ‘তী ইজতেমাৰ পৰা আতঁৰি থকাই ভাল।
--ইজতেমালৈ যোৱা সকলে কয়-এই সমাবেশ তেওঁলোকৰ বাবে ২য় হজ্জ ও দুখিয়াৰ হজ্জ। কিন্তু আল্লাহ তা’লাই হজ্জ ফৰজ কৰিছে পবিত্র মক্কাত অবস্থিত বায়তুল্লাহৰ কাবাত। ২য় হজ্জ ও দুখিয়াৰ হজ্জ বুলিকৈ তেওঁলোকে আল্লাহ তা’লাৰ বিধি বিধানত বিকৃতি কৰিছে যিদৰে ইহুদি খৃস্টানসকলে কৰে। আৰু দুখীয়াৰ বাবে হজ্জ আল্লাহ তা’লাই ফৰজ কৰা নাই।
--আল্লাহ তা’লাই কৈছে- O you who have believed, do not put [yourselves] before Allah and His Messenger but fear Allah . Indeed, Allah is Hearing and Knowing.-[ http://www.quran.com/49/1]
--আল্লাহ তা’লাই আৰু কৈছে- [They are] those whose effort is lost in worldly life, while they think that they are doing well in work."
-- Those are the ones who disbelieve in the verses of their Lord and in [their] meeting Him, so their deeds have become worthless; and We will not assign to them on the Day of Resurrection any importance.[ http://www.quran.com/18/103-104]
--অজু নকৰাকৈ নামাজ পঢ়া , ৰাতি ৰোজা ৰখা আৰু তবলীগ/ইজতীমা কৰা একেই কথা।
--ওমর (ৰাঃ) কিয় জামাতত তাৰাবিহৰ চালাত পঢ়াৰ বিষয়ে এনেকৈ ক’লে-, ''ই বৰ সুন্দৰ বে’দাত''? তলত চাওঁকঃ-
'Abdur Rahman bin 'Abdul Qari said,
"I went out in the company of 'Umar bin Al-Khattab one night in Ramadan to the mosque and found the people praying in different groups. A man praying alone or a man praying with a little group behind him. So, 'Umar said, 'In my opinion I would better collect these (people) under the leadership of one Qari (Reciter) (i.e. let them pray in congregation!)'. So, he made up his mind to congregate them behind Ubai bin Ka'b. Then on another night I went again in his company and the people were praying behind their reciter. On that, 'Umar remarked, 'What an excellent Bid'a (i.e. innovation in religion) this is; but the prayer which they do not perform, but sleep at its time is better than the one they are offering.' He meant the prayer in the last part of the night. (In those days) people used to pray in the early part of the night."
[Sahih al-Bukhari-2010][http://sunnah.com/bukhari/31]
--শেষত মনত ৰাখিব-ইছলাম ধর্মত কোনো ভাল বা বেয়া নতুন সংযোজনা প্রবেশেৰ সুযোগ একেবাৰেইই নাই । মহান আল্লাহ তা’লাই আমাক সকলোকে বুজি আমল কৰাৰ তৌফিক দিয়ক। আমীন।।।[২৪/০৯/২০১৫] ##

No comments:

Post a Comment