Wednesday 23 September 2015

REPTY-[3]-“ইছলামিক কামাণ্ড এণ্ড ৰিপ্লায়”


REPTY-[3]-“ইছলামিক কামাণ্ড এণ্ড ৰিপ্লায়”
–ৰিপ্লায় অফ চৈয়দ চ’গুড ইছলাম-২১/০৯/২০১৫
আজিৰ কামাণ্ড:- তথাকথিত তবলীগ-জামাত/ইজতিমা/বিশ্ব-ইজতিমাক বহুতে বেয়া পায় আৰু ইয়াক বে’দাত বুলি কয়।
--আপোনি ইয়াক বে’দাত বুলি ভাবেনে, নেভাবে??
যুক্তি সহকাৰে[ছহী দলীল] আপোনাৰ কমেণ্ট দিয়কঃ-
(A) ভাবো (কিয়?), (B) নেভাবো (কিয়?) ।
++++++++++++++++++++++++++++++++++++++++

তাবলীগী জামাতেটো ভাল কথাই কয়, তেন্তে বেয়াটোনো কি??
----------------------------------------------------------------
--তাবলীগী জামাতৰ লোকে ভাল কথা কয়, দ্বীনৰ দাৱাত দিয়ে, নামাজৰ দাৱাত দিয়ে, তেতিয়াহলে তেওঁলোকৰ কামক কিয় বেয়া বুলি কোৱা হয়? এই যুক্তিয়েই অনেক সাধাৰণ মুছলিম ভাইসকলে কৰি থাকে।


--প্রথমেই আমি তাবলীগী জামাতৰ বেয়াটোনো কি তাকেই ক’ব বিচাৰিছো।
● ১- ইয়াত কোনো সন্দেহ নাই যে, নবী মুহাম্মদ (সাঃ) আটাইতকৈ ডাঙৰ আৰু সত্য মুবাল্লিগ (তাবলীগকাৰী) আছিল। তেওৰ(সাঃ) চাহাবাসকলে(ৰাঃ) গোটেই বিশ্বত নবীৰ(সাঃ) নিয়ম মতে তাবলীগ কৰি গৈছে। কিন্তু বর্তমান যুগৰ তাবলীগী জামাত সেই নবীৰ(সাঃ) ও তেওঁৰ সাহাবাসকলৰ তাবলীগ এৰি কেই দশকৰ আগতে ভাৰতৰ চাহাৰাণপুৰৰ ইলয়াচ চাহেবে গঠন কৰা বৰং সপোনত পোৱা তাবলীগত ধৰিছে। নবী (সাঃ) আৰু তেওঁৰ চাহাসকলৰ তাবলীগ যথেষ্ট নহয় নেকি? নে এই যুগত ই অচল হৈ পৰিছে?


● ২-নবী (সাঃ)ৰ তাবলীগৰ মূল কথা আছিল বৰং ইছলামৰ মূল কথাই হৈছে, তৌহীদ। কিন্তু বর্তমান তাবলীগত তৌহীদ নাই। আছে শির্ক আৰু বে’দাতৰ আড্ডা ।

● ৩-মহান আল্লা তা’লাই যদি পবিত্র কোৰআন আমাৰ হেদায়তৰ বাবে অবতীর্ণ কৰে, তেন্তে তাক বাদ দি ফাজায়েলে আমলৰ শিক্ষা দিয়া হয় কিয়? একেধৰণৰ নবীৰ(সাঃ) হাদীচ কি উত্তম বাণী নহয় নেকি?


● ৪-ইছলাম কি কেৱল ফজীলতৰেই নাম নেকি? সকলো বিধানৰ সকলো বাদ দি কেৱল ফাজায়েল বর্ণনা কৰাই ইছলাম নেকি? নামায এটা ইছলামৰ বিধান। এই বিধানত যি আছে সেইবো হল, নামাজ কি, নামাজৰ গুৰুত্ব, নামাজ পঢ়াৰ বিধান, নামাজৰ ৰুকন, ৱাজিব ও মুস্তাহাব ইত্যাদি। এই সকলো বাদদি মাত্র ফজীলত কিয়?

● ৫-ইছলামৰ ৰুকন ৫টা আৰু ঈমানৰ ৬টা, যিটো হাদীসত জিব্রাইল(আঃ)ৰ দ্বাৰা বর্ণিত হৈছে; কিন্তু এই ধৰণৰ এটা মৌলিক বিষয়ৰ তবলীগ বাদ দি ৬টা উসূল আবিষ্কাৰ কোন দলীলৰ ভিত্তিত কৰা হ’ল?


● ৬-তবলীগৰ বাবে কোৰআন আৰু চুন্নাহ কি যথেষ্ট নহয় নেকি? শ-শ কাল্পনিক গল্প-কাহিনীৰ আশ্রয় লোৱা হৈছে কিয়? যি গল্প-কাহিনীত আছে চুফীবাদৰ কাছফ, কাৰামত, সপোন, ইল্কা, ইলহাম ও ফজিলতৰ কথা। য’তনেকি চুফীবাদেই ইছলামৰ পৰা বহিস্কিৃত।

৭-ছৰীয়তৰ কোন মছলা আমীৰ চাহেবে পুনপেটিয়া ভাবে কোৰআন, চুন্নাহৰ পৰা সমাধান নকৰি দেওবন্দলৈ পঠাই দিয়ে কিয়? এনে কার্য্যই তবলীগৰ নামত দেওবন্দৰ প্রচাৰ-প্রসাৰৰ উদ্দেশ্য নহয়টো?


--তবলীগ জামাতৰ বে’দাতী কার্য্য-কলাপৰ কথা লিখি শেষ কৰিব নোৱাৰি। তথাপিও অতিৰিক্ত ভাবে তলৰ ভি,ডি,অ’ দুটা চাবলৈ অনুৰোধ কৰিলো। মহান আল্লাহ তা’লাই আমাৰ জ্ঞানৰ কোষবোৰ খোল খুৱাই চিধা ৰাস্তাত চলাৰ তৌফিক দিয়ক।

আমীন...।।।[sgis-২৪/০৯/২০১৫]।

1]-Tablighi Jamaat About Molana Tariq Jameel By Sheikh Tauseef Ur Rehman

2]-Fazail E Amaal Ki Haqeeqat by Sheikh Tauseef Ur Rahman (full video)

No comments:

Post a Comment