Wednesday 6 May 2015

[2]-Title- হঃঈছা(আঃ)ৰ জন্মতত্ত্ব

[2]-Title- হঃঈছা(আঃ)ৰ জন্মতত্ত্ব

-হঃ ঈছা(আঃ)ৰ জন্মতত্ত্ব আৰু জৈৱ-বিজ্ঞানৰ আৱিষ্কাৰ “পার্থেনোজিনিচিচ্"-
By-sgis
------------------------------------------------------
আমাৰ হাতত জন্ম লোৱা এই প্রৱন্ধৰ আঁৰৰ কাহিনীঃ- 

স্থানঃ-মাছখোৱা ঈদগাহ, তাং-২৬-১১-২০০৩, দিনঃ-ঈদ উল্ ফিটিৰ, সময়ঃ-নামাজৰ আগত।
    প্রতি ঈদৰ সময়ত পোৱাৰ দৰে এইবাৰো এলি আহমেদ বাইদেউৰ দ্বাৰা সম্পাদিত “ঈদ মোবাৰক”খন পালো।ঈদগাহৰ সকলোকে বিনামূল্যে বিতৰণ কৰিছে।কিন্তু এইবাৰ লিফলেট্ আকাৰত।
    তাত এটা সৰু প্রৱন্ধ প্রকাশ পাইছে।নামঃ- মানুহৰ জন্ম প্রক্রিয়া,লেখকঃ-হুছেইন আহমদ নুৰী,মাৰে ষ্টেট ইউনিভার্চিটি,আমেৰিকা।
প্রৱন্ধটোৰ সাৰাংশঃ-১। আমি পিতৃ অবিহনে জন্ম লোৱা নাই। পিতৃ অবিহনে জন্ম লোৱাৰ কথা কোৰআন শ্বৰীফৰ ক’তো উল্লেখ নাই। মানুহৰ জন্ম প্রক্রিয়াত ডিম্বানু আৰু শুক্রকীটৰ মিলনত সৃষ্টি হোৱা ভ্রূণৰ কথা কবলৈগৈ কোৰআন শ্বৰীফৰ আয়াতঃ-৯৬ৰঃ১-২, ৩২ৰঃ৭-৮, ৭৫ৰঃ৩৭, ৭৭ৰঃ২০,৮৬ৰঃ৫-৭, ৭ৰঃ১৮৯, আৰু ৪ৰঃ১, ১৬ৰঃ৭২, ২২ৰঃ৫,২৩ৰঃ১৪, ৪০ৰঃ৬৭, ৪২ৰঃ১১, ৪৯ৰঃ১৩, ৫৩ৰঃ৩২, ৪৫ৰঃ৪৬, ৫৬ৰঃ৫৮, ৭৬ৰঃ২উল্লেখ কৰিছে।
        ইয়াৰ উপৰিও জোৰায় জোৰায় সৃষ্টি পৰা বংশবিস্তাৰত কোৰআন শ্বৰীফৰ বিভিন্ন আয়াতৰ কথা উল্লেখ কৰিছে।
    ২।আল্লাহৰ বিধানত কোনো ব্যতিক্রম নাইঃ-বিবি মৰিয়মে আপোন জোৰা ব্যতীত যদি হযৰত ইছা(আঃ)ৰ জন্ম দিলেহেতেন তেনেহলে পূর্বে উল্লেখিত গোটেই কেইটা আয়াতৰ মাজত বিৰাট খুঁত ৰৈ গৈছে বুলি ক’ব লাগিব। কিন্তু আল্লাহৰ বিধানত কোনো ব্যতিক্রম নাই-আয়াত ৩৫ৰঃ৪৩, ৬৭ৰঃ৩-৪ ।
   ৩।ঈছা[আঃ]ৰ পৰিচয় কোৰআনত শ্বৰীফত “ঈছা ইবনে মৰয়ম”অর্থাৎ মৰয়মৰ-পুত্র ঈছাৰূপে।সেইবুলি তেখেতৰ পিতা থাকিব নোৱাৰে নেকি? মুছা[আঃ] ৰ মাকৰ নাম উল্লেখ আছে বাপেকৰ নাই। হজৰত মহম্মদ[দঃ]ৰ মাক-বাপেকৰ নাম উল্লেখ কোৰআনত শ্বৰীফত নাই।সেইবুলি এওঁলোকৰ পিতৃ নাছিল নে? 

বাকী অংশ কাইলৈ-in sha Allah-sgis-6/5/2015

No comments:

Post a Comment