Monday 18 May 2015

6-চুফিজিমত বাদ্যযন্ত্র বনাম অসমীয়া জিকিৰত টোকাৰী-


[6]“এক বৌদ্ধিক চিন্তা”
-চুফিজিমত বাদ্যযন্ত্র বনাম অসমীয়া জিকিৰত টোকাৰী-
………………………………………………………
“One of intellectual thought” [A colanguage Article]
-USE OF MUSICAL INSTRUMENT IN SUFISM vs TOKARI IN ASSAMESE JIKIR-
by:-sogoodislam@gmail.com
……………………………………………………..

২০১০ আৰু ২০১১ চনৰ দুটা ঐতিসাহিক ঘটনাঃ-
1]News- 20 May 2010 :-Governor of Assam J B Patnaik (left) at the Assam Satra Mahasabha Conference in Barpeta. Breaking a centuries-old barrier, women led by Patnaik entered the Vaishnavite temple at Barpeta for the first time.
ৰাজ্যপাল জানকী বল্লভ পাটনায়কৰ উদ্যোগত আজি বৰপেটা বৈষ্ণব নামঘৰত মহিলাৰ প্ৰৱেশ ঘটিল।

২]NEWS-Guwahati, Nov 18, 2011(PTI)
History was created in Assam today with women offering namaaz for the first time in the historic Azan Peer Sahab Dargah in Sibsagar at the initiative of Governor J B Patnaik and his wife Jayanti Patnaik.

ৰাজ্যপাল জানকী বল্লভ পাটনায়ক আৰু তেওঁৰ পত্নী জয়ন্তী পাটনায়কৰ উদ্যোগত সৰাগুৰি চাপৰিৰ আজান ফকিৰ দৰগাহত থকা মছজিদত প্ৰথমবাৰলৈ প্ৰৱেশ ঘটিল মহিলাৰ। কেৱল প্ৰৱেশ ঘটাই নহয়, মহিলাই মছজিদত প্ৰথমবাৰ শুকুৰবাৰৰ জুম্মা বাবে নামাজ পঢ়ি এক অভিলেখৰ সৃষ্টি কৰে।
……………………………………

-একেজন মানুহেই দুটা বেলেগ বেলেগ সময়ত মহিলাক ধর্ম্ম অনুস্থানত প্রৱেশ কৰোৱাই একে ধৰণৰ ঐতিসাহিক কাহিনী ৰচিছিল। দেখাত এনেলাগে যেন হজৰত আজান ফকিৰে(ৰঃ) মহাপুৰুষ শঙ্কৰদৱক অনুকৰণ কৰিছিল?
মহাপুৰুষ শঙ্কৰদৱৰ অনুকৰণতেই হজৰত আজান ফকিৰ(ৰঃ) চাহাবে মছজিদত মহিলাৰ প্রৱেশ নিষিদ্ধ কৰা নাছিল। মছজিদত মহিলাৰ নিষিদ্ধৰণটো ইছলামৰ এটা গোটৰ হাজাৰ বছৰিয়া পৰমপৰা।
+++++++++++++++++++++
আকৌ দুটা সময়ৰ ঘটনা-১৬৩৫চন আৰু ২০১৪চনঃ-

১৬৩৫চনঃ- মহাপুৰুষ শংকৰদেৱৰ এক শৰণ নাম ধৰ্মৰ একেশ্বৰবাদী ধাৰণাৰ প্ৰতি মুছলমান সকলো আকৃষ্ট হৈছিল। চাঁদ খাঁ নামে এজন মুছলমান লোক প্ৰথম বাৰৰ বাবে শংকৰদেৱৰ শিষ্য হৈছিল। ১৬৩৫ চনত বাগদাদৰ পৰা আজান ফকিৰ(ৰঃ) নামৰ এগৰাকী সন্ত ইছলাম ধৰ্ম প্ৰচাৰৰ অৰ্থে অসমলৈ আহিছিল। কিন্তু অসমৰ সাম্প্ৰদায়িক সমন্বয়ৰ পৰিৱেশত আভিভুত হৈ তেওঁ ইছলাম ধৰ্ম প্ৰচাৰতে ক্ষান্ত নাথাকি সাম্প্ৰদায়িক সমন্বয়ৰ চিহ্ন স্বৰূপ জিকিৰ সমুহ লিখি উলিয়াইছিল। এই জিকিৰ সমুহৰ কিছুমান আছিল হিন্দু ধৰ্মৰ নাম কীৰ্তনৰ সুৰত ৰচিত ধৰ্ম মুলক গীত, যিবোৰে ব্যাপক সমাদৰ লাভ কৰিছিল। আহোম ৰজায়ো আজান ফকিৰৰ সন্মান কৰিছিল।
– আজান ফকিৰে(ৰঃ) শিৱসাগৰৰ ওচৰৰ চূণপোৰা গাৱলৈ অহাৰ আগতে দিল্লীলৈ আহিছিল আৰু তাতে ছুফী সন্ত শ্বে’খ নিজামুদ্দিন আউলিয়াৰ শিষ্য হৈছিল। তাৰ পৰা তেওঁ আহি হাজোৰ গৰুড়াচল পাহাৰৰ ওপৰত থকা পীৰ ঘিয়াছুদ্দিন আউলিয়াৰ দৰগাহৰ ওচৰতে কেইবছৰমান থাকি সম্পর্ণ অসমীয়াহৈ লৈছিল।


২০১৪চনঃ- যোৱা বছৰ ফেব্রুৱাৰী মাহত আন্তঃজাতিক ইছলামিক বক্তা ব্রাদাৰ ইমৰাণ আহিছিল দঃ ভাৰতৰ পৰা তেজপুৰলৈ সাম্প্রতিক সমন্ময়(Brotherhood)ৰ বাবে। তেখেতে অসমলৈ আহি, ইয়াত থাকি অসমীয়াক অধ্যয়ন নকৰাকৈ বক্তব্য ৰাখিছিল।(ইয়াৰ ভি-ডি-অ’ আছে আৰু অনুগ্রহকৰি তলৰ ইংৰাজী কথাখিনি চাই ল’ব।)
-ব্রাদাৰ ইমৰাণ চাহাবে শঙ্কৰ-আজানৰ কথা নাজানে অথবা তেওঁক কোৱাওঁ হোৱা নাই। তিনিজন হিন্দু যুৱকে একেলগে ব্রাদাৰ ইমৰাণক ক্রছ-প্রশ্ন কৰি বিব্রত কৰি দিয়াত তেওঁ পৰিষ্ঠিতি চম্ভালিবলৈ নিজকে হিন্দু বুলি ক’ব লগা হৈছিল। যুৱক তিনিজনে ভাবিছিল, ব্রাদাৰ ইমৰাণে অসমৰ মানুহক ভাগ ভাগ কৰিব বিিচাৰিছে। অসমৰ বতাহ-পানী খাই জন্ম গ্রহন কৰা প্রতেকজন নাগৰিকেই ক’ব নোৱাৰাকৈয় শঙ্কৰ-আজানৰ সমন্ময়(Brotherhood)ৰ দ্বাৰা প্রভাম্বিতহৈ আহিছে।

On 1st February, 2014, Saturday, a lecture of Br. Imran was held in Sonitpur, Assam, India on the topic : SABKA EESHWAR EK – Par Kaun ? Meaning – GOD OF ALL IS ONE – But Who ? After the lecture during the question and answer session about 3 NON MUSLIM FRIENDS tried to create a ‘scene’ BUT by Allah’s Help Alone, Br. Imran for more than 30 minutes answered them very patiently even though it was appearing that the questioners were not really interested to learn but rather wanted to push Br. Imran to speak their words from his mouth.
+ + +
শঙ্কৰদেৱৰ এক শৰণ নাম ধৰ্মত (এক শৰণৰ অৰ্থ হল এক দেউ এক সেউ এক বিনে নাই কেউ ৷ অৰ্থাৎ এক ঈশ্বৰত শৰণ লোৱা )। এক ঈশ্বৰেই পৰম ধৰ্মৰ দৰে মুছলমানৰো পৰম ধৰ্ম হৈছে এক আল্লাহ। সেয়েহ আজান ফকিৰে(ৰঃ) জিকিৰত কৈছেঃ-

--মুমিনহে দোশ্তি ৰাখা
আল্লাহে পৰম ধৰ্ম
নামহে পৰম ধৰ্ম।--
(ভি ডি অ’ত আছে।)

………………………………………
to be contd. on next sunday-in sha Allah-sgi(s)

No comments:

Post a Comment