Thursday 21 May 2015

(৯)-হজৰত মহম্মদ(দঃ)ৰ পূর্ণাঙ্গ জীৱনধাৰাৰ চমু লেখ”

(৯)-হজৰত মহম্মদ(দঃ)ৰ পূর্ণাঙ্গ জীৱনধাৰাৰ চমু লেখ”


By:- sogoodislam@gmail.com
----------------------------------------------------------
বর্তমানৰ কলা পাথৰ(Black Stone)টো আগৰ অৱস্থাত নাই। ইতিহাসবিদৰ মতে ইয়াক চৰমপন্থী পাষণ্ড কিছুমানে নি ভাঙি পেলাইছিল। ভঙা টুকুৰা বোৰক ৰূপৰ ফ্রেমত বান্ধি বর্তমান অৱস্থাত ৰখা হৈছে।

 [log-on-black stone-http://sgis-misc.blogspot.in/2015/08/blog-post.html ]
মধ্য যুগত ব্রাহৰেঈনৰ(Bahrain) ইছমাইলী গ্রুগৰ চৰমপন্থী কোআৰমেটিনে (Qarmatians) ঘোষণা কৰিলেযে হজ কৰাটো এটা অন্ধবিশ্বাস। গতিকে ইয়াক বন্ধ কৰিবলৈ সিঁহতি হাজীসকলক হত্যা কৰি যমযম্ কোৱাঁত পুতি থবলৈ ধৰিলে। ইয়াতে ক্ষান্ত নাথাকি পাষণ্ডবোৰে কলা-পাথৰটো নি ইৰাকৰ কোফা নগৰি পোৱালেগৈ। পিছত খলিফা আব্বছিদে(ৰাঃ) জোৰকৰি তাক ঘূৰাই আনিলে। যেতিয়া কলা-পাথৰটো ঘূৰাই অনা হয় তেতিয়া ই টুকুৰা-টুকুৰহৈ আছিল। পিছত ইয়াক জোৰা লগাই ৰূপৰ ফ্রেমেৰে বান্ধি পেলোৱা হয়। ইতিহাসবিদৰ মতে এতিয়াও কলা-পাথৰটোৰ বহু টুকুৰা বিভিন্ন ঠাইত সিচঁৰিতহৈ আছে।
[click on url about black stone-http://en.wikipedia.org/wiki/Black_Stone]
++++++++00+++++++

——হজৰত ইব্রাহীম(আঃ) আৰু হজৰত ইছমাইলৰ(আঃ) কা’বা ঘৰ বনোৱা শেষ হোৱাৰ পিছত এদিন অকলে হজৰত ইব্রাহীম(আঃ) বাহিৰত বহি আছিল। সেই সময়ত তেওঁৰ(আঃ) বহুত কথাই মনত পৰিল। মহান আল্লাহ তা’লাৰ প্রতি কৃতজ্ঞতাৰে মন ভৰি পৰিল। একমাত্র ল’ৰা ইছমাইলক(আঃ) কুৰবানীৰ পৰা ৰেহাইদি তেওঁক উৎসর্গ কৰাত আল্লাহ তা’লাৰ প্রেমত দুটুপাল চকুলো বাগৰি আহিল।
——এনে সময়তেই তিনিজন ফিৰিষ্টা ক্রমে হজৰত জিব্রাইল(আঃ),হজৰত ইস্রফীল(আঃ) আৰু হজৰত মিকাইল(আঃ)(Gabriel, Israphael, and Michael)মানুহৰ ৰূপত আহি হজৰত ইব্রাহীম(আঃ)ক চালামদি তেওঁৰ আলহী হ’লহি। অচিনাকি মানুহ তিনিজনক সন্মানেৰে ঘৰৰ ভিতৰলৈনি বহুৱাই তেওঁ(আঃ) শুৱা কোঠালৈ সুমাই গ’ল। সেই সময়ত তেওঁৰ(আঃ) স্ত্রী বিবি “সাৰা” আলৰ বুঢ়ি। সুধিলে কোননো আহিছে। ক’লে তিনিজন অচিনাকি মেহমান আহিছে। খোৱাৰ ব্যৱস্থা ক’ৰা।
-কি খোৱাবা তেওঁলোকক- হজৰত ইব্রাহীমে(আঃ) সুধিলে।
-এটা ছাগলীৰ আধাটুকুৰা-সাৰাই ক’লে।
-তাৰে নহ’ব। এটা তেল থকা দমৰা হালাল কৰিব লাগিব।
–কৈয়েই তেওঁ(আঃ) ওলাই গ’ল। চাকৰ-বাকৰে এটা দমৰা হালাল কৰিলে, ৰান্ধনীয়ে ৰান্ধি-বাঢ়ি উলিয়াই দিলে।
-“আপোনালোক তিনিও আহক আৰু খাবলৈ বহক”। কৈয়েই হজৰত ইব্রাহীমে(আঃ) নিজে খাবলৈ ধৰিলে। খোৱাৰ মাজতে মূৰ দাঙি চালে, আলহীক কিবা লাগিব নেকি বুলি।
“উঁৱা,আপোনালোকে ভাতৰ পাতত হাতেই দিয়া নাই দেখুন।মোৰ শেষেই হ’বৰ হ’ল।
-খাওক খাওক নহলে ভাত ঠাণ্ডাহৈ যাব”। বুলি আকৌ নিজে খোৱাত লাগিল।
হজৰত ইব্রাহীমে(আঃ) আকৌ এবাৰ আলহীলৈ চালে। তেওঁলোকে তেতিয়ালৈকে খোৱা আৰম্ভই কৰা নাই। এইবাৰ হজৰত ইব্রাহীমে(আঃ) ভাবিলে। নিশ্চয় আলিহীয়ে তেওঁক বেয়া মানুহ বুলি ভাবি আহাৰ গ্রহণ কৰা নাই। ভয়ত তেওঁ তেনেই পেপুঁৱা লাগিল।
ফিৰিস্তা তিনিজনে হজৰত ইব্রাহীমৰ(আঃ) মনৰ কথা বুজিব পাৰি হাহিঁমাৰি ক’লে-
-“ভয় নকৰিবা আমি মানুহ নহয়। আমি খোৱা-বোৱা নকৰো। আল্লাহে তোমাৰ ওচৰলৈ আমাক এক শুভ বার্ত জনাবলৈ প্রেৰণ কৰিছে”। কৈয়েই “সাৰা”ৰ ফালে মুখ ঘূৰালে।
-“আমি তোমাৰ গর্ভত ইছাআক আৰু তাৰ পাছত জেকবৰ শুভ বার্তা দিলো(We gave her glad tidings of Isaac, and after him of Jacob)
সাৰাই আচৰিতহৈ ক’লে-“এইটো অসম্ভব। কাৰণ আমি দুয়ো তেনেই বুঢ়া”
ফিৰিস্তাই ক’লে- “মহান আল্লাহ তা’লাই দয়া কৰিলে সকলো সম্ভব”
উক্ত কথাখিনি পৱিত্র কোৰাণ শ্বৰীফত এনে দৰে উল্লেখিত হৈছেঃ-
Almighty Allah revealed: Verily! There came Our Messengers to Abraham with glad tidings. They said: “Salaam (greetings or peace)!” he answered: “Salaam (greetings or peace)!” and he hastened to entertain them with a roasted calf. But, when he saw their hands went not towards it (the meal), he felt some mistrust of them, and conceived a fear of them. They said: “Fear not, we have been sent against the people of Lot.” And his wife was standing there and she laughed (either, because the Messengers did not eat their food or for being glad for the destruction of the people of Lot). But We gave her glad tidings of Isaac, and after him of Jacob.She said (in astonishment): “Woe unto me! Shall I bear a child while I am an old woman, and here is my husband an old man? Verily! This is a strange thing!” They said: “Do you wonder at the Decree of Allah? The Mercy of Allah and His Blessings be on you, O the family (of Abraham). Surely, He (Allah) is All praiseworthy, All-Glorious.” (CH 11:69-73).
(ইয়াতে আঘাট কৰি কোৰআন শ্বৰীফৰ চুৰাঃ আয়াতৰ পৰীক্ষা কৰি ল’বঃ-http://quran.com/11/69-73 )



(Note:-sogoodislam@gmail.com:- আমাৰ উদ্দেশ্য হজৰত মহম্মদ(দঃ)লৈ লেখ(Graph )দাল টানিনিয়া। গতিকে হজৰত ইছমাইলৰ(আঃ) ঠালটো ৰাখি বাকীবোৰ আলোচনা নকৰো।...ক্রমশঃ-)
--ক্রমশঃ-next on Friday-29.05,2015(sgis-22/5/2015)

No comments:

Post a Comment