Saturday 9 May 2015

(3)-বিশ্ব নবীৰ(দঃ)স-শৰীৰে মে’ৰাজ ভ্রমণ-

(3)-বিশ্ব নবীৰ(দঃ)স-শৰীৰে মে’ৰাজ ভ্রমণ-
-পৰকালৰ চাক্ষুষ ঘটনা-
              “বৈজ্ঞানিকভাৱে প্রমাণিত বিশ্ব নবীৰ(দঃ) স-শৰীৰে মে’ৰাজ ভ্রমণ”
By:- sogoodislamsyeds-(sgis)
+++++++++++++++++++++++

- যাত্রাৰ বাবে অলপ সময়ৰ পাছত গাধতকৈ অলপ ডাঙৰ ঘোঁৰাৰ দৰে অত্যন্ত  বেগী “বোৰাক” নামৰ এটা জন্তু অনা হ’ল।[[“বোৰাক”ৰ বর্ণনাৰ বাবে লগ-অন কৰকঃ-http://sgi-misc.blogspot.in/2015/05/description-of-buraq.html]] হজৰত মহম্মদ(দঃ)ক দেখিয়েই বোৰাকে জপিয়াবলৈ ধৰিলে। জিবৰাইলে(আঃ)মহম্মদ(দঃ)যে আল্লাহ খুব প্রিয় বুলি কোৱাতহে  বোৰাকে তাৰ পিঠিত হজৰত মহম্মদ(দঃ)ক উঠিবলৈ দিলে। 
          যাত্রা আৰম্ভ হ’ল। সোঁৱে-বাওঁএ জিবৰাইল(আঃ) আৰু মাকাইল(আঃ) উঠি ললে। হজৰত মহম্মদে(দঃ) কোৱা মতে বোৰাকৰ প্রতিটো খোজ চকুৱে মনিব নোৱাৰা প্রর্য্যন্ত বহল আছিল(The animal’s step (was so wide that it) reached the furthest point within the reach of the animal’s sight)। 

জেৰুজালেমৰ বাইট-উল-মুক্কাদ্দাচ  পোৱাৰ আগতে জিবৰাইলে(আঃ)এখন সেউজিয়া উপত্যকাৰ উপৰেৰে গৈ থাকোতে তাতে বোৰাকক নমাইআনি নামাজ পঢ়িলবলৈ ক’লে। নামাজ আদায়ৰ পাছত  জিবৰাইলে(আঃ) সুধিলেঃ-
“আপুনি(দঃ) ক’ত নামাজ পঢ়িলে গম পাইছেনে?” 
“নাই পোৱা”-হজৰত মহম্মদে(দঃ) ক’লে।
“এইয়াই সেই আপোনাৰ প্রিয় ঠাই যলৈ আপোনি হিজৰত কৰিছল”। -জিবৰাইলে(আঃ) ক’লে।------contd.
++++++++++++++++++++++++++++++++++++++
{ৰজব মাহ সম্পৰ্কে সতৰ্কবাণী- :: -ৰজব মাহ সম্পৰ্কে জ্ঞাতব্যঃ পৱিত্ৰ মাহ সমূহৰ বৰ গুৰুত্ব আহিছে। সেই পৱিত্ৰ মাহ সমূহৰ মাজতে এটা হৈছে ৰজব মাহ। গতিকে পাপ কৰ্ম আৰু প্ৰচলিত বিদআত বৰ্জন কৰি এই মাহৰ পৱিত্ৰতা ৰক্ষা কৰা প্ৰত্যেকৰে দায়িত্ব। এই প্ৰৱন্ধত সেই বিষয়টোকে উল্লেখ কৰা হৈছে-লগ-অন কৰকঃ-http://sgi-bidahshirk.blogspot.in/2015/05/blog-post_9.html 
++++++++++++++++++++++++++++++++++++++



-ক্রমশঃ-Next Satuarday(16.5.2015)-sgis

No comments:

Post a Comment